অসম

assam

ETV Bharat / state

শিলচৰৰ উধাৰবন্ধত পিষ্টলসহ আটক যুৱক - AS-11E-0557 নম্বৰৰ এখন মেজিক গাড়ী

শিলচৰৰ উধাৰবন্ধত এটা পইন্ট 2 MM পিষ্টল আৰু ২৪টা গুলীসহ আটক যুৱক

শিলচৰৰ উধাৰবন্ধত পিষ্টলসহ আটক যুৱক

By

Published : Sep 23, 2019, 3:11 PM IST

কাছাৰ,23 ছেপ্টেম্বৰঃ সোমবাৰে কাছাৰ জিলাৰ উধাৰবন্ধত পিষ্টলসহ আটক হয় এজন যুৱক ৷ যুৱকজনৰ নাম আজিৰ উদ্দিন বৰভূঞা ৷ যুৱকজনৰ ঘৰ উধাৰবন্ধ দূৰ্গা নগৰত ৷ জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি অসম ৰাইফলছৰ জোৱান সকলে উধাৰবন্ধ ভি আই পি পথত AS-11E-0557 নম্বৰৰ এখন মেজিক গাড়ীত তালাচী চলাই এটা পইন্ট 2 MM পিষ্টল সহ ২৪টা গুলী উদ্ধাৰ কৰে ৷ লগতে গাড়ী চালক আজিৰ উদ্দিনক আটক কৰে অসম ৰাইফলছৰ জোৱান সকলে ৷ পিচত উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰসহ ধৃত যুৱক জনক উধাৰবন্ধ আৰক্ষীৰ হাতত গতাই দিয়ে জোৱানসকলে ৷ ধৃত যুৱকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

শিলচৰৰ উধাৰবন্ধত পিষ্টলসহ আটক যুৱক

ABOUT THE AUTHOR

...view details