অসম

assam

ETV Bharat / state

কাছাৰৰ ৰাজপথত ভুৱা আৰক্ষীৰ সন্ত্ৰাস - Assam Police

'On Duty Police' লিখা পোষ্টাৰ লগাই, আৰক্ষীৰ চাইৰেণ বজাই বৰাক উপত্যকাৰ কাছাৰৰ ৰাজপথত বিলাসী থাৰ গাড়ী লৈ এগৰাকী ভুৱা আৰক্ষীৰ সন্ত্ৰাস । নিশা হ’লেই ৰাজপথত বাহন ৰখাই 'গুণ্ডা টেক্স' সংগ্ৰহ কৰে ভুৱা আৰক্ষী বিষয়াজনে । অৱশেষত প্ৰৱঞ্চনাৰ বলি হৈ ভুৱা আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী লোক ।

fake police in cachar
কাছাৰৰ ৰাজপথত ভুৱা আৰক্ষীৰ সন্ত্ৰাস

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 5:23 PM IST

গাড়ীত চাইৰেণ, আৰক্ষীৰ নেমপ্লেট লগাই কাছাৰৰ ৰাজপথত ভুৱা আৰক্ষী

শিলচৰ, ২ ডিচেম্বৰ : নিশা হ’লেই কাছাৰৰ ৰাজপথত বিলাসী থাৰ গাড়ী লৈ 'গুণ্ডা টেক্স' সংগ্ৰহত নামি পৰে এগৰাকী ভুৱা আৰক্ষী বিষয়া ৷ পিছে এশ গৰু মাৰিলে বাঘৰো মৰণ । শেহতীয়াভাৱে এই ভুৱা আৰক্ষী বিষয়াজনৰ প্ৰকৃত পৰিচয় পোহৰলৈ অহাত আৰক্ষীৰ কাষ চাপি গোচৰ ৰুজু কৰিবলৈ বাধ্য হ’ল ভুক্তভোগী বহু লোক । ঘটনাৰ স্থান কাছাৰৰ উদৰবন্দ ৷ অভিযুক্ত যুৱকজন হৈছে কাছাৰৰ উদৰবন্ধ দয়াপুৰৰ বাসিন্দা শ্বাহিদ আহমেদ ওৰফে মইনা ।

পিছে দেখাত সহজ-সৰল এইগৰাকী যুবকৰ কৰ্মকাণ্ডই সকলোকে আচৰিত কৰি তুলিছে । শ্বাহিদ আহমেদ নামৰ এইগৰাকী যুৱকৰ আছে এখন বিলাসী থাৰ বাহন । কিন্তু নিশা হ’লেই 'ON DUTY POLICE' লিখা এই থাৰ বাহনখন লৈ কাছাৰৰ ৰাজপথত আৰক্ষী সাজি চাইৰেণ বজাই ঘূৰি ফুৰে যুৱকজন ৷ আনহাতে, ৰাজপথত বিভিন্ন বাহন ৰখাই নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দি গুণ্ডা টেক্স সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে যুবকজনৰ বিৰুদ্ধে ।

ইতিমধ্যে ৰাজহুৱা হৈছে আৰক্ষীৰ চাইৰেণ নিজৰ গাড়ীত লগাই ৰাজপথত ঘূৰি ফুৰা ভুৱা আৰক্ষী বিষয়া শ্বাহিদ আহমেদৰ দৃশ্য ৷ অভিযোগ অনুসৰি, শ্বাহিদ আহমেদসহ আন দুজন যুৱকে নিশা হ’লেই চাইৰেণ বজাই থাৰ বাহনখন লৈ গুণ্ডা টেক্স সংগ্ৰহত নামি পৰে । ৰাজপথত বিভিন্ন বাহন ৰখাই নিজকে আৰক্ষীৰ পৰিচয় দি প্ৰথমে বাহনসমূহৰ নথি-পত্ৰ পৰীক্ষা কৰি তলাচী চলায় ৷ ইয়াৰ পাছত জৰিমনাৰ নামত বাহনসমূহৰ পৰা সংগ্ৰহ কৰে ধন ।

ভুক্তভোগী ব্যক্তিয়ে ইতিমধ্যে কেনেকৈ ভুৱা আৰক্ষী শ্বাহিদৰ হাতত প্ৰৱঞ্চনাৰ বলি হৈছিল তাৰো বৰ্ণনা আগবঢ়াইছে । তেনে এগৰাকী ভুক্তভোগী যুৱকৰ অভিযোগ মতে, ১৮ নৱেম্বৰৰ নিশা তেওঁ নিজ বাহন লৈ ঘৰলৈ যোৱাৰ সময়ত কাছাৰৰ মাছিমপুৰ অঞ্চলত ON DUTY POLICE লিখা থাৰ বাহন এখন চাইৰেণ বজাই ৰৈ আছিল । থাৰ বাহনখনত থকা তিনিজন যুৱকে তেওঁৰ বাহনখনক ছিগনেল দি ৰখায় । যুৱকজনৰ মতে, তিনি যুৱকে নিজকে আৰক্ষী বুলি পৰিচয় দি তেওঁৰ বাহনত তলাচী আৰম্ভ কৰে আৰু বাহনখনত থকা ক’লা পেপাৰৰ বাবে যুৱকজনৰ পৰা তিনি ভুৱা আৰক্ষীয়ে ২০০০ টকা জৰিমনা লয় ৷ যুৱকজনেও আৰক্ষী বুলি ভাবি ২ হাজাৰ টকা দিবলৈ বাধ্য হয় ভুৱা আৰক্ষীক ।

একেদৰে এজন অটোচালকৰ পৰাও অনুজ্ঞা-পত্ৰ নথকাৰ বাবে জৰিমনা লয় ভুৱা আৰক্ষী বিষয়া শ্বাহিদ আহমেদসহ তেওঁৰ বাহিনীয়ে । আনহাতে, ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভুৱা আৰক্ষী বিষয়া শ্বাহিদ আহমেদৰ আচল পৰিচয় লাভ কৰি আৰক্ষীৰ ওচৰ চাপে ভুক্তভোগী লোকসকল । লগতে শ্বাহিদ আহমেদসহ আন দুজনৰ বিৰুদ্ধে আৰক্ষী চকীত ভুক্তভোগীসকলে এক গোচৰ ৰুজু কৰে ৷ লগতে শীঘ্ৰেই ভুৱা আৰক্ষী বিষয়াসহ তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ দাবী জনায় ভুক্তভোগীসকলে ।

লগতে পঢ়ক :হাৱালা চক্ৰৰ ধন আত্মসাৎ কৰা লোকৰ গ্ৰেপ্তাৰৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details