শিলচৰ, ২৮ জুন: স্বেচ্ছাসেৱী সংগঠন Youths Against Social Evils চমুকৈ ইৱাছিৰ উদ্যোগত শুকুৰবাৰৰ পৰা কাছাৰত আৰম্ভ হৈছে ড্ৰাগছ বিৰোধী অভিযান। ইয়াৰে অংশ হিচাপে সংগঠনটোৱে আজি শিলচৰৰ অন্নপূৰ্ণা ঘাটৰ পৰা এছ পি অফিচ, ক্লাৱৰোড,পাৰ্ক ৰোড হৈ এক প্ৰতিবাদী সমদল উলিয়াই জিলা আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্য়স্ত কৰে। প্ৰতিবাদকাৰীসকলে জিলা উপাযুক্ত আৰু আৰক্ষী অধীক্ষকৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
কাছাৰত ড্ৰাগছ বিৰোধী অভিযান - Youths Against Social Evils
স্বেচ্ছাসেৱী সংগঠন Youths Against Social Evils চমুকৈ ইৱাছিৰ উদ্যোগত কাছাৰত নিচা বিৰোধী অভিযান ৷ জিলা উপাযুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ সংগঠনটোৰ ৷
কাছাৰত ড্ৰাগছ বিৰোধী অভিযান
ইৱাছিৰ উপদেষ্টা সঞ্জীৱ ৰায়ে সদৰী কৰা অনুসৰি কাছাৰ জিলাক চাৰিটা মণ্ডলত বিভক্ত কৰি অব্যাহত ৰখা হ'ব নিচা বিৰোধী অভিযান। এই মণ্ডলত কেইটা ক্ৰমে শিলচৰ,কাটিগড়া আৰু বৰখলা, উদাৰপুৰ আৰু লক্ষীপুৰ, ধোলামুখ আৰু সোনাই।