অসম

assam

ETV Bharat / state

শিলচৰত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ

তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দিল্লী সীমান্তত অব্যাহত থকা কৃষকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই শিলচৰত প্ৰতিবাদ পাঁচটা মহিলা সংগঠনৰ ৷ সোমবাৰে শিলচৰৰ ক্ষূদিৰাম বসুৰ প্ৰতিমূৰ্তিৰ সমীপত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠন কেইটাই ৷

women organizations protest against farms bill
শিলচৰত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Jan 18, 2021, 3:51 PM IST

কাছাৰ, 18 জানুৱাৰী : প্ৰচণ্ড শীতৰ মাজতো তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দিল্লী সীমান্তত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ । ইফালে দিল্লী সীমান্তত প্ৰতিবাদ কৰি থকা কৃষক সকলৰ সমৰ্থনত দেশজুৰি প্ৰতিবাদ সাব্য়স্ত কৰিছে বিভিন্ন দল-সংগঠনে ৷

সোমবাৰে শিলচৰত দিল্লী সীমান্তত প্ৰতিবাদ কৰি থকা কৃষক সকলৰ সমৰ্থন তথা তিনিখন কৃষক বিৰোধী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে পাঁচটাকৈ মহিলা সংগঠনে ৷

শিলচৰত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কাছাৰ-হাইলাকান্দি জিলা সমিতি, সদৌ ভাৰত প্ৰগতিশীল মহিলা সমিতিৰ কাছাৰ জিলা সমিতি, নাৰীমুক্তি আৰু মহিলা সাংস্কৃতিক সমিতি নামৰ পাঁচটা মহিলা সংগঠনে শিলচৰৰ ক্ষূদিৰাম বসুৰ প্ৰতিমূৰ্তিৰ সমীপত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ মহিলা কৃষক দিৱস উপলক্ষে আয়োজন কৰা এই বিক্ষোভ কাৰ্যসূচীত মহিলা সংগঠন কেইটাই তিনিওখন কৃষি আইন বাতিলৰ দাবী জনায় ৷

লগতে পঢ়ক: পত্নীক হত্যা কৰি বস্তাত ভৰাই লুকুৱাই থৈ পলায়ন স্বামীৰ

ABOUT THE AUTHOR

...view details