শিলচৰ, 9 মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱসৰ পিছদিনাই শিলচৰত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ শিলচৰৰ ভোজনতিপুৰত নাৱৰ ওপৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ ৷ সোমবাৰে শিলচৰৰ ঘাগৰা নদীত থকা নাৱৰ ওপৰত অচিনাকী যুৱতীৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি ৷ যুৱতীগৰাকীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰি নাৱত পেলাই থৈ যায় বুলি সন্দেহ প্ৰত্যক্ষদৰ্শীৰ ৷ ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী তথা স্থানীয় লোকে আৰক্ষীক অৱগত কৰাৰ পাচত কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসসহ অৰ্ধসামৰিক বাহিনী উপস্থিত হয় ঘটনাস্থলীত ৷
শিলচৰত নাৱৰ ওপৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ
সমগ্ৰ বিশ্বজুৰি 8 মাৰ্চত নাৰী দিৱস উদযাপন কৰা পাচতে সোমবাৰে শিলচৰত অসংযত অৱস্থাত নাৱৰ ওপৰত উদ্ধাৰ হয় যুৱতীৰ মৃতদেহ ৷ মৃতদেহ উদ্ধাৰ হোৱা যুৱতী গৰাকীৰ পৰিচয় বৰ্তমান পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
শিলচৰত নাৱৰ ওপৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ
আনহাতে, ঘটনাস্থলীত জিলা দণ্ডাধীশ নৱনীতা হাজৰিকাই ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
আৰু পঢ়কঃ ওৱান মেন পলিটিকছৰে চৰকাৰ চলাইছে হাগ্ৰামাইঃ আফজাল হক সৰকাৰ