শিলচৰ,31জুলাইঃকাছাৰ জিলাৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ অসম-মণিপুৰ সীমান্তৱৰ্তী জিৰিঘাটত জব্দ বৃহৎ পৰিমাণৰ সুৰা ৷ আঠ শ কাৰ্টুন বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে ৷
শিলচৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ - আঠশ কাৰ্টুন বিলাতী সুৰা জব্দ
মণিপুৰ-অসম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে ট্ৰাকেৰে মণিপুৰৰ পৰা আহি থকোতে জব্দ বৃহৎ পৰিমাণৰ সুৰা আৰক্ষীৰ ৷

শিলচৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ
শিলচৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ
জানিব পৰা মতে, জিৰিঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পি কে ডেকাৰ নেতৃত্বত অভিযান চলাই মণিপুৰ-অসম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে মণিপুৰৰ পৰা আহি থকা AS01Q-6933 নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ সুৰা খিনি ৷ ইপিনে জব্দকৃত সুৰাৰ লগতে দুজন সুৰা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ ঘটনা সৰ্ন্দভত আৰক্ষীয়ে ব্যাপক তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ কেন্দ্ৰলৈ 204 কোটি টকাৰ আঁচনি প্ৰেৰণ কৰা হৈছে : ৰাজ্যপাল জগদীশ মুখী