অসম

assam

কাটিগড়াত ভোটকেন্দ্ৰত শিলাবৰ্ষণ

By

Published : Apr 1, 2021, 7:05 PM IST

অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে কাটিগড়া বিধানসভা সমষ্টিত নিৰ্বাচনী হিংসা ৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰায় 80 % ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতে কাটিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গোবিন্দপুৰত নিৰ্বাচনী হিংসাৰ সূত্ৰপাত ৷ পশ্চিম গোবিন্দপুৰত অচিনাক্ত যুৱকৰ এটা দলে ভোটকেন্দ্ৰটোত শিলাবৰ্ষণ কৰাৰ অভিযোগ ৷

violence erupted in pachim govindapur under katigorah constituency
কাটিগড়াত ভোটকেন্দ্ৰত শিলাবৰ্ষণ

শিলচৰ,1 এপ্ৰিল:দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰায় 80 % ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতে কাটিগড়া বিধানসভা সমষ্টিত হিংসাত্মক কাৰ্যৰ সূত্ৰপাত ঘটে ৷ জানিব পৰা মতে কাটিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গোবিন্দপুৰত অচিনাক্ত যুৱকৰ এটা দলে ভোটকেন্দ্ৰটোত শিলাবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে ৷ অৱশ্যে আৰক্ষীয়ে ততাতৈয়াকৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷ উক্ত ঘটনাৰ ফলত এখন বাহন বেয়াকৈ ধ্বংসপ্ৰাপ্ত হয় ৷

উক্ত ঘটনাৰ ফলত বেয়াকৈ ধ্বংসপ্ৰাপ্ত এখন বাহন

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰায় সুকলমে সম্পন্ন হোৱাৰ পাছত বৃহস্পতিবাৰে ৰাজ্যৰ 39 টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ অধিকাংশ সমষ্টিতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হোৱাৰ মাজতে ঠায়ে ঠায়ে কিছু বিক্ষিপ্ত ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হয় ৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে মৰিগাঁৱৰ লাহৰিঘাটত সৃষ্টি হোৱা এক নিৰ্বাচনকেন্দ্ৰিক উত্তপ্ত পৰিস্থিতিৰ ফলত আৰক্ষীৰ এগৰাকী জোৱানো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:নিৰ্বাচনৰ মাজতে পেইড নিউজৰ বিৰুদ্ধে অভিযোগ

ABOUT THE AUTHOR

...view details