অসম

assam

ETV Bharat / state

প্লাজমা দাতাৰ ভৰি ধুলে উপাধ্যক্ষ আমিনুল হক লস্কৰে

বৰাকৰ প্ৰথমজন প্লাজমা দাতা নবিদুল ইছলাম লস্কৰৰ বাসগৃহত আজি উপস্থিত হৈ ভৰি ধুই সন্মান জনালে বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে ৷ ইয়াৰ উপৰি উপাধ্যক্ষগৰাকীয়ে এখন প্ৰশংসা পত্ৰও উপহাৰ দিয়ে প্লাজমা দাতা নবিদুলক ৷

By

Published : Aug 13, 2020, 8:40 PM IST

Vice President Aminul Haque Laskar washed legs the plasma donor
প্লাজমা দাতাৰ ভৰি ধুলে উপাধ্যক্ষ আমিনুল হক লস্কৰে

শিলচৰ,13আগষ্টঃ কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে ৰাজ্যজুৰি এতিয়া প্লাজমা দান কৰিবলৈ ওলাই আহিছে বহুজন ৷ কৰ'ণাত আক্ৰান্ত ৰোগীসকল আৰোগ্য লাভ কৰাৰ ক্ষেত্ৰত অতিকে প্ৰয়োজনীয় হৈছে প্লাজমা ৷ যাৰ বাবে চৰকাৰেও ৰাজ্যবাসীক প্লাজমা দান কৰিবৰ বাবে অনুৰোধ জনাইছিল ৷ তেনে সময়তে প্লাজমা দাতাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সোনাই সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

প্লাজমা দাতাৰ ভৰি ধুলে উপাধ্যক্ষ আমিনুল হক লস্কৰে

বৰাকৰ প্ৰথমজন প্লাজমা দাতা নবিদুল ইছলাম লস্কৰৰ বাসগৃহত আজি উপস্থিত হৈ ভৰি ধুই সন্মান জনালে বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে ৷ ইয়াৰ উপৰি উপাধ্যক্ষগৰাকীয়ে এখন প্ৰশংসা পত্ৰও উপহাৰ দিয়ে প্লাজমা দাতা নবিদুলক ৷

সাংবাদিকৰ আগত উপাধ্যক্ষগৰাকীয়ে প্লাজামা দাতা সকলক ভগৱান সমতুল্য বুলি কৈ সোনাই সমষ্টিৰ প্ৰত্যেকজন প্লাজমা দাতাসকলৰ ঘৰে ঘৰে গৈ সন্মান জনাব বুলি জানিবলৈ দিয়ে ৷ প্লাজমা দাতা সকলক উৎসাহিত কৰাৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও মন্তব্য কৰে উপাধ্যক্ষ আমিনুল হক লস্কৰে ৷

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে প্লাজমা দাতা নবিদুল ইছলাম লস্কৰে কৰ'ণা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতি আহিছিল ৷

লগতে পঢ়কঃবিনক আক্ৰমণ : NSUI নেতাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি

ABOUT THE AUTHOR

...view details