অসম

assam

ETV Bharat / state

শিলচৰত চীনা সামগ্ৰীয়ে মোক্ষম আঘাত হানিছে মৃন্ময় শিল্পীৰ ব্য়ৱসায়ত - বিপৰ্যয় মাতি আনিছে

কৰ'ণা মহামাৰী আৰু লকডাউনে কোঙা কৰি যোৱাৰ পিছত এইবাৰ দীপাৱলীৰ প্ৰাক মুহূৰ্তত চীনা সামগ্ৰীয়ে বিপৰ্যয় মাতি আনিছে মৃন্ময় শিল্পীলৈ। শিলচৰৰ বজাৰত কম মূল্যতে উপলব্ধ হৈছে জাক-জমকতাপূৰ্ণ চীনা লাইট। মৃন্ময় শিল্পীয়ে প্ৰস্তুত কৰি উলিওৱা চাকিকে ধৰি আন সামগ্ৰী ক্ৰয় নকৰে গ্ৰাহকে। গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা মাটিৰ সামগ্ৰী ঘৰতে পৰি ৰোৱাত মূৰে-কপালে হাত দিবলগীয়া হৈছে মৃৎ শিল্পীয়ে।

শিলচৰত চীনা লাইটে মোক্ষম আঘাত হানিছে মৃন্ময় শিল্পীৰ ব্য়ৱসায়ত
শিলচৰত চীনা লাইটে মোক্ষম আঘাত হানিছে মৃন্ময় শিল্পীৰ ব্য়ৱসায়ত

By

Published : Nov 13, 2020, 8:43 PM IST

শিলচৰ, ১৩ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত পূৰ্বৰ তুলনাত বৰ্তমান থলুৱা মাটিৰ চাকিয়ে সমাদৰ লাভ কৰাৰ বিপৰীত ছবি পৰিলক্ষিত হৈছে কাছাৰৰ বজাৰসমূহত। চীনা ৰঙচঙীয়া লাইটেৰে ভৰি পৰিছে শিলচৰৰ বজাৰ। থলুৱা সামগ্ৰীৰ তুলনাত কম মূল্য আৰু চকুত লগা হোৱাৰ বাবে গ্ৰাহকে চীনা সামগ্ৰী ক্ৰয় কৰাতহে অধিক আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে । ফলত মৃৎ শিল্পীসকলে চৰম বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছে ।

শিলচৰত চীনা সামগ্ৰীয়ে মোক্ষম আঘাত হানিছে মৃন্ময় শিল্পীৰ ব্য়ৱসায়ত

কৰ'ণা মহামাৰী আৰু লকডাউনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ পিছত শিলচৰৰ শ্রীকোনাৰ পালপাৰাত মৃন্ময় শিল্পীসকলে আশাৰে দীপাৱলীৰ বাবে মাটিৰ চাকিকে ধৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছিল। গাঁঠিৰ ধন খৰচ সামগ্ৰীসমূহ প্ৰস্তুত কৰাৰ পিছতো বিক্ৰী কৰিব পৰা নাই। ঘৰতে পৰি ৰৈছে সকলো সামগ্ৰী। মৃৎ শিল্পকে জীৱিকা অৰ্জনৰ একমাত্ৰ সম্বল হিচাপে লৈ জীৱন নিৰ্বাহ কৰি অহা এই লোকসকলে এতিয়া পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে।

মাটিৰ সামগ্ৰীবোৰ বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ অভাৱ হোৱাৰ বাবেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মৃন্ময় শিল্পীসকলৰ মাজত। উপায়হীন হৈ এই বিপদৰ সময়ত সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে মৃ্ৎ শিল্পী আৰু তেওঁলোকৰ পৰিয়ালে ।

লগতে পঢ়ক:বঙাইগাঁৱত বীৰ চিলাৰায়ৰ সংগ্ৰহালয়ৰ আধাৰশীলা স্থাপন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details