কাছাৰ, 9 নৱেম্বৰ : কাছাৰ জিলাৰ শালচাপৰাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উদ্ধাৰ কৰা মৃতদেহটো বৰ্তমানলৈ চিনাক্ত হোৱা নাই যদিও প্ৰায় 13 বছৰীয়া কিশোৰীৰ হ'ব বুলি সন্দেহ কৰা হৈছে ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাটাখাল শালচাপৰা বাইপাছৰ ওচৰৰ ৰে'ল ক্ৰচিঙৰ সমীপৰ জংঘলত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷
কাছাৰত অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - 37 নং ৰাষ্ট্ৰীয় ঘাইপথ
কাছাৰত কিশোৰীৰ মৃতদেহ উদ্ধাৰ ৷ উদ্ধাৰ হোৱা মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই ৷
কাছাৰত অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
উল্লেখ্য যে,স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত পাঠায়শাল চাপৰা আৰক্ষী থানাৰ বিষয়া জয় চন্দ্ৰ সিঙৰ নেতৃত্বত এটা আৰক্ষীৰ দল উপস্থিত হয় মৃতদেটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক :ছয়গাঁৱত চোৰাং কাঠ ব্যৱসায়ীৰ সৈতে বন বিভাগ জড়িত থকাৰ অভিযোগ