কাছাৰ, 5 অক্টোবৰ : কাছাৰ জিলাৰ জিৰিঘাটত বন্দুকসহ দুটা সন্দেহজনক উগ্ৰপন্থী কেডাৰ আটক হোৱাক কেন্দ্ৰকৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি ৷ উল্লেখযোগ্য যে, কাছাৰ আৰক্ষী আৰু ডিমা হাছাও আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই অস্ত্ৰসহ দুই সন্দেহজনক উগ্ৰপন্থী কেডাৰক আটক কৰিবলৈ সক্ষম হৈছে ৷
আৰক্ষীৰ জালত পৰা সন্দেহজনক উগ্ৰপন্থীৰ সদস্য দুটা হৈছে ক্ৰমে কাছাৰ জিলাৰ জিৰিঘাট অঞ্চলৰ ডাৰ্নিথুম হামাৰ আৰু ত্ৰিপুৰাৰ ধৰ্মনগৰৰ জোহোবা চোৰেই ৷ উল্লেখযোগ্য যে, সোমবাৰে পুৱতিনিশা কাছাৰ আৰক্ষী আৰু ডিমা হাছাও আৰক্ষীৰ এটা দলে কাছাৰ জিলাৰ অসম-মণিপুৰ সীমান্তৰ বিজুংচাও বস্তিত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই সন্দেহজনক দুই উগ্ৰপন্থী কেডাৰক আটক কৰিবলৈ সক্ষম হয় ৷