পলিঅ' সেৱন কৰি শিশুৰ মৃত্যু - ETV BHARAT
শিলচৰ উধাৰবন্দৰ সুখাছোড়া এলেকাত এটি দুই মহীয়া শিশুক পলিঅ' সেৱন কৰোৱাৰ পাছতে মৃত্যু ঘটে । পলিঅ' সেৱন কৰোৱাৰ আগতে সম্পূৰ্ণ সুষ্ঠ অৱস্থাত আছিল কণমানিটি । উধাৰবন্দৰ মেডিকেল কলেজত মৃত্যু হয় কণমানিটোৰ ।
TWO MONTHS BABY DIED AT SILCHAR
শিলচৰ, ২৯ এপ্ৰিল: শিলচৰ উধাৰবন্দৰ সুখাছোড়া এলেকাৰ বাসিন্দা মণ্টু ওৰাঙৰ দুই মহীয়া শিশুগৰাকীয়ে সোমবাৰে পলিঅ' সেৱন কৰোৱা হয় । পলিঅ' সেৱন কৰোৱাৰ পাছতে ঘৰলৈ অহাৰ পথত হঠাতে অসুস্থ হৈ পৰা শিশুটিক তড়িঘড়ি উধাৰবন্দ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও তাৰ পৰা মেডিকেল কলেজলৈ পঠোৱা হয় । সেই ৰাতিয়ে শিশুটিয়ে মৃত্যুক সাৱটি লয় । ঘটনাৰ বিৱৰণী দি শিশুটিৰ মাতৃয়ে জানিবলৈ দিয়ে যে, পলিঅ' সেৱন কৰোৱাৰ আগতে সম্পূৰ্ণ সুস্থ অৱস্থাত আছিল শিশুটি ।