কাছাৰ,19 অক্টোবৰঃ সমগ্ৰ ৰাজ্যতেই সোপাধৰাৰ আতংকৰ লগতে ক্ৰমবৰ্ধমানহাৰত গণপ্ৰহাৰৰ ঘটনা অব্যাহত থকাৰ সময়তেই কাছাৰ জিলাৰ বদৰপুৰৰ গোৰামাৰা এলেকাত সোপাধৰাৰ সন্দেহত একাংশ উন্মত্ত ৰাইজৰ দ্বাৰা গণপ্ৰহাৰৰ বলি হয় দুজনকৈ যুৱক ৷ যোৱা কিছুদিন পূৰ্বে সোপাধৰা সন্দেহত হাইলাকান্দি আৰক্ষী জোৱানক নিৰ্মম প্ৰহাৰ কৰা ঘটনাৰ এসপ্তাহ পাৰ নৌহওঁতে কাছাৰত সংঘটিত উক্ত ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শনিবাৰে সংঘটিত গণপ্ৰহাৰৰ ঘটনাত গুৰুতৰভাৱে আহত হোৱা যুৱক দুজন হৈছে ক্ৰমে কৰিমগঞ্জৰ এলেংজুৰিৰ সাবুল আহমেদ আনজন বদৰপুৰৰ মহাকলৰ আব্দুল ওহাইদ । যুৱকদ্বয়ৰ ভাষ্য অনুসৰি তেওঁলোকে দুয়োৱে নিজৰ কৰ্মক্ষেত্ৰলৈ যাওঁতে উক্ত প্ৰহাৰৰ ঘটনাটো সংঘটিত হয় ৷ শনিবাৰে ৰাতি গোৰামাৰাৰ একাংশ ৰাইজে দুজন অচিনাকী যুৱকক সোপাধৰা সন্দেহত আটক কৰি প্ৰহাৰ কৰে ৷ উক্ত ঘটনাৰ খবৰ লাভ কৰি বদৰপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত ৰাইজৰ মাজৰ পৰা যুৱক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত যুৱকদ্বয়ক প্ৰাথমিক চিকিৎসাৰ বাবে শ্ৰীগৌৰি হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে গুৰুতৰভাৱে আহত এজনক উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । এনেদৰেই বৰ্তমান সমগ্ৰ অসমৰ লগতে বৰাক উপত্যকাতও সোপাধৰা আতঙ্ক অব্যাহত থকা পৰিলক্ষিত হৈছে ৷
সোপাধৰাৰ সন্দেহত বদৰপুৰত সংঘটিত গণপ্ৰহাৰৰ ঘটনা - mob lynching at Cachar
ৰাজ্যত অব্যাহত সোপাধৰাৰ আতংক ৷ বদৰপুৰত সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি দুজন যুৱক ৷
বদৰপুৰত সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি দুজন যুৱক