অসম

assam

ETV Bharat / state

কাছাৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

কাছাৰৰ বৈৰাগী টিলাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ ৷ মীৰা নামৰ প্ৰায় পয়ত্ৰিশ বছৰীয়া এগৰাকী মহিলা আৰু তেওঁৰ বাৰ বছৰীয়া কন্যা সঙ্গীতাৰ নিজ ঘৰৰ ওচৰতেই জংঘলত ৰহস্যজনক অৱস্থাত মৃতদেহ দুটা উদ্ধাৰ কৰা গৈছে ৷

By

Published : Oct 20, 2019, 6:29 AM IST

কাছাৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

কাছাৰ, 19 অক্টোবৰঃ কাছাৰৰ বৈৰাগী টিলাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ ৷ মীৰা নামৰ প্ৰায় পয়ত্ৰিশ বছৰীয়া এগৰাকী মহিলা আৰু তেওঁৰ বাৰ বছৰীয়া কন্যা সঙ্গীতাৰ নিজ ঘৰৰ ওচৰতেই জংঘলত ৰহস্যজনক অৱস্থাত মৃতদেহ দুটা উদ্ধাৰ কৰা গৈছে ৷ মৃতদেহ দুটাৰ গাত কেইবাটাও আঘাতৰ চিন দেখিবলৈ পোৱা যায় । মৃতদেহ দুটা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ মহিলাগৰাকীৰ স্বামী অখিল দাসৰ কোনো শুং-সূত্ৰ নাই বাবে স্থানীয় লোকে হত্যা কৰি পলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰে ৷ আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াইছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

কাছাৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

ABOUT THE AUTHOR

...view details