নেশ্বনেল ডেস্ক, 14 ছেপ্টেম্বৰ :পুনৰ সাংসদ হ’ব সুস্মিতা দেৱ ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দল ত্যাগ কৰি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতেই এতিয়া প্ৰাক্তন সাংসদ গৰাকীৰ ভাগ্যৰ চকৰি পুনৰ ঘূৰিবলৈ লোৱা বুলি বিশ্বাস কৰা হৈছে ৷ হয়, ঠিকেই 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই পুনৰ সাংসদ হোৱাৰ সুযোগ লাভ কৰিব সুস্মিতা দেৱে ৷
অৱশ্যে, এই সুযোগ তেওঁ অসমৰ পৰা নহয় পশ্চিম বংগৰ পৰা লাভ কৰিব ৷ উল্লেখযোগ্য যে, পশ্চিম বংগৰ এখন খালী হৈ থকা ৰাজ্যসভাৰ আসন দখল কৰি সাংসদ হোৱাৰ সুযোগ পাব সুস্মিতাই ৷ বৰ্তমান পশ্চিম বংগ চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতা ড৹ মানস ৰঞ্জন ভুনিয়নৰ বাবে খালী হৈ থকা ৰাজ্যসভাৰ আসনখনৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ লাভ কৰিব সুস্মিতা দেৱে ৷