শিলচৰ, 3 এপ্ৰিলঃজনপ্ৰতিনিধি অথবা স্বাস্থ্য বিভাগৰ নজৰত নপৰা শিলচৰৰ এটা বস্তি অঞ্চল ৷ কৰ'ণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰা এনে ভয়াৱহ সময়ত জাৰি কৰা লক ডাউনে স্তব্ধ কৰিছে জনজীৱন ৷ হাহাকাৰ কৰিবলগীয়া হৈছে বহু দৰিদ্ৰ পৰিয়ালে ৷ যি সময়ত ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে সাধাৰণ লোকৰ বাবে ভিন্ন জনে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিছে , তেনে সময়তে এলাগী হৈ ৰৈছে শিলচৰৰ এই বস্তি অঞ্চল ৷ আজিলৈ এই অঞ্চলত কৰ'ণা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা নাই কোনো বিহিত ব্যৱস্থা ৷ আনকি এবাৰলৈও বস্তিবাসীৰ স্বাস্থ্যৰ বুজ ল'বলৈ অহা নাই স্বাস্থ্য বিভাগৰ লোক অথবা জনপ্ৰতিনিধি ৷ কিন্তু ইয়াৰ মাজতে মানবীয়তাৰ নিদৰ্শন দাঙি ধৰিলে সমাজৰ পৰা বিচ্ছিন্ন হৈ থকা একাংশ লোকে ৷ যি সকলক আপুনি মই চিনি পাওঁ কিন্নৰ হিচাপে ৷
জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰিলে সমাজৰ পৰা অৱহেলিত একাংশ লোকে - দুৰ্যোগৰ সময়
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাধাৰণ লোকৰ বাবে ভিন্ন জনে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰাৰ সময়তে এলাগী হৈ ৰৈছে শিলচৰৰ এটা বস্তি অঞ্চল ৷ যি অঞ্চল এনে দুৰ্যোগৰ সময়তো চকুত পৰা নাই জনপ্ৰতিনিধি অথবা স্বাস্থ্য বিভাগৰ ৷ শুকুৰবাৰে এই বস্তি অঞ্চলৰ লোকৰ মাজত সাহাৰ্য বিতৰণ কৰে শিলচৰৰ কেইগৰাকীমান কিন্নৰে ৷
কেইগৰাকীমান ব্যতিক্ৰমী লোক
শিলচৰৰ এইসকল কিন্নৰে সামৰ্থ অনুসাৰে নিজৰ সাঁচতীয়া ধনেৰে বস্তি অঞ্চলৰ এইসকল লোকৰ মাজত বিতৰণ কৰিছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে আন নিত্য ব্যৱহাৰ্য সামগ্ৰী ৷ তাৰোপৰি সেইসকল লোকক কৰ'ণা ভাইৰাচ সম্বন্ধে সচেতনতা আৰু সাৱধানতা অবলম্বনৰো আহ্বান জনাইছে কিন্নৰসকলে ৷ এনে দুৰ্যোগৰ সময়ত এইসকল লোকে গ্ৰহণ কৰা এই পদক্ষেপ বাৰুকৈয়ে প্ৰশংসনীয় ৷
লগতে পঢ়কঃকৰ'ণা ভাইৰাছৰ শেহতীয়া তথ্য
Last Updated : Apr 3, 2020, 8:17 PM IST