Change name of West Bengal to Bangla: ৰাজ্য চৰকাৰে দিলে পশ্চিমবংগৰ নাম সলনিৰ প্ৰস্তাৱ: গৃহ মন্ত্ৰালয়
পশ্চিমবংগ চৰকাৰে ৰাজ্যখনৰ নাম সলনি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে (State government proposes to rename West Bengal)। গৃহ মন্ত্ৰালয়ক দিয়া প্ৰস্তাৱ অনুসৰি ৰাজ্যখনৰ নাম বাংলা কৰিব লাগে । বিগত ৫ বছৰত বিভিন্ন চহৰৰ নাম সলনিৰ বাবে লাভ কৰা প্ৰস্তাৱসমূহক NOC প্ৰদান কৰিছে গৃহ মন্ত্ৰালয়ে ।
Cops Assault Auto Driver In Bokajan: অটোৰিক্সা চালকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰা আৰক্ষীৰ ৰিৰুদ্ধে ব্যৱস্থা গ্ৰহণ
শক্তিহীনৰ ওপৰত শক্তি প্ৰদৰ্শন কৰি নিন্দাৰ পাত্ৰ হোৱা গোলাঘাট আৰক্ষীৰ কনিষ্টবল আৰু গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে বিভাগে গ্ৰহণ কৰিছে ব্যৱস্থা ৷ সোমবাৰে বোকাজানত গোলাঘাট আৰক্ষীয়ে সংঘটিত কৰা বৰ্বৰ কাণ্ডৰ সন্দৰ্ভত মঙলবাৰে সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰিলে গোলাঘাটৰ আৰক্ষী অধীক্ষক সুমিত শৰ্মাই(Golaghat SP Sumeet Sharma)৷
African swine fever : ৰাজ্যত ৪০,৪৮২ টা গাহৰিৰ মৃত্যু
ৰাজ্যৰ ২২ খন জিলাত ছোৱাইন ফিভাৰৰ পাদুৰ্ভাৱ । এই সন্দৰ্ভত পশুপালন মন্ত্রী অতুল বৰাৰ সংবাদমেল (Animal Husbandry Minister Atul Bora addressed press) । গাহৰি পালকক ক্ষতিপূৰণৰ বাবদ ১৪৮.০৮ লাখ টকা দিয়াৰ কথা প্ৰকাশ । তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত গাহৰি মাংসৰ বিক্ৰী বন্ধ (pork sale ban in Tinsukia and Sivasagar) কৰা হৈছে ।
Dollar vs Rupee : ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ সৰ্বকালৰ ৰেকৰ্ড পতন
আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য 80-ত মুকলি হৈছিল (rupee opened at 80 against American dollar), তাৰ পিছত পতন 80.05-লৈ নামি গৈছিল । যিটো অন্তিমবাৰ বন্ধৰ সময়তকৈ 7 পইচা হ্ৰাস পাইছিল ।
Akhil Gogoi apologizes: দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত মন্তব্য কৰি ক্ষমা খুজিলে অখিল গগৈয়ে
ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ প্ৰতি বিতৰ্কিত মন্তব্য কৰি ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল বিধায়ক অখিল গগৈ (Akhil Gogoi apologizes for his remarks) ৷ প্ৰাৰ্থীগৰাকীৰ প্ৰতি কৰা মন্তব্য উঠাই লোৱা বুলি প্ৰৰণ কৰে এক ভিডিঅ’ বাৰ্তা ৷