আকাশ মাৰ্গেৰে কাছাৰৰ বান পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই
অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam 2022) ৷ কি ব্ৰহ্মপুত্ৰ উপকত্যকা, কি বৰাক উপত্যকা - সকলো এতিয়া পানীৰ তলত ৷ নিতৌ ৰাজ্যৰ ন ন অঞ্চল বুৰ গৈছে পানীৰ তলত ৷ ব্ৰহ্মপুত্ৰ উপকত্যকাৰ লেখিয়াকৈ বৰাক উপত্যকাৰো ভিন্ন অঞ্চল এতিয়া পানীৰ তলত (Flood in Barak Valley) ৷
2nd Kamakhya Temple of Assam : অসমৰ ক'ত আছে দ্বিতীয়টো কামাখ্যা মন্দিৰ ?
গুৱাহাটীস্থিত কামাখ্যা দেৱালয়ত আৰম্ভ হৈছে অম্বুবাচী মেলা (Ambubachi Mela 2022)। পৰম্পৰাগত নীতি-নিয়ম অনুসৰি প্ৰবৃত্তিৰ লগে লগে মূল দুৱাৰ বন্ধ কৰি দিয়া হৈছে কামাখ্যা মন্দিৰৰ । গুৱাহাটীৰ দৰে অসমত থকা দ্বিতীয়টো কামাখ্যা মন্দিৰতো একে নীতি নিয়মৰ মাজেৰে বুধবাৰে নিশা দেৱালয়ৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছে ।
Bridge collapses in Mariani : মৰিয়নিত খহি পৰিল দলঙৰ অংশ
ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood situation in Assam)। কেইবাখনো জিলা বানৰ কৱলত পৰাৰ সময়তে মৰিয়নিত চিৰাখাটি নৈৰ তাণ্ডৱ । খৰস্ৰোতা সোঁতে উটুৱাই নিলে নৈৰ ওপৰত থকা পকী দলঙৰ এটা অংশ (Bridge collapses in Mariani)। পকী দলঙৰ এটা অংশ উটুৱাই নিয়াত সীমান্তৱৰ্তী দুলাল বৰুৱা পথত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে (Communication disrupted due to bridge collapse in Mariani)।
শিক্ষামন্ত্ৰীৰ ঘোষণা: ২৫ জুনৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানত গৰমৰ বন্ধ
ৰাজ্যৰ শিক্ষানুষ্ঠানখনসমূহৰ গৰমৰ বন্ধ ঘোষণা কৰা হৈছে (Summer Vacation declared in Assam) । পূৰ্বতকৈ আগুৱাই দিয়া হৈছে গৰমৰ বন্ধ । ২৫ জুনৰ পৰা ২৫ জুলাইলৈকে এমাহ গৰমৰ বন্ধ পাব ছাত্ৰ-ছাত্ৰীসকলে ।
China-India dam conflict: ১ লাখ কোটিৰে ভাৰতে অৰুণাচলত নিৰ্মাণ কৰিব দ্বিতীয় বৃহত্তম নদীবান্ধ
চীনৰ নদীবান্ধক প্ৰতিৰোধ কৰিবলৈ (China-India dam conflict) ভাৰতে অৰুণাচল প্ৰদেশৰ য়িংকিঙত ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কৰিব দ্বিতীয় বৃহত্তম নদীবান্ধ (India to construct river dam at Arunachal) । ইয়াৰ বাবে বিনিয়োগ হ'ব প্ৰায় 113,000 কোটি টকা । বান্ধটোৰ অৱস্থান আৰু জলাশয়ৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ উচ্চতা 280-300 মিটাৰ হ'ব ৷