এগৰাকী ৰাজহ চক্ৰ বিষয়া, সকলোৱে নাম দিছে লেডী সিংঘম ৷ কাকো খাতিৰ নকৰে তেওঁ ৷ যিয়েই অনিয়ম কৰা দেখিছে তাকেই দিছে সকিয়নী ৷ ব্যৱসায়ীয়েও সুঁৱৰিছে ত্ৰাহি মধুসূদন ৷ চক্ৰ বিষয়া বাইদেউৰ হংকাৰ, নিয়ম নামানিলে বাতিল হ’ব দোকানৰ অনুজ্ঞাপত্ৰ ৷ কোন এইগৰাকী লেডী সিংঘম ৷ চাওক সবিশেষ
2.Assam BJP leader dead: শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা মুখ্যমন্ত্ৰীৰ
জ্যেষ্ঠ বিজেপি নেতা ৰণজিৎ ঠাকুৰীয়া(Senior BJP Leader Ranjit Thakuriya Demissed)ৰ দেহাৱসান ৷ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীৰ লগতে আন শীৰ্ষ দলীয় নেতাসকলে ৷ ঠাকুৰীয়াৰ মৃত্যু গেৰুৱা দলটোৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
3.কলগাছিয়াত পাৰিবাৰিক বিবাদৰ চূড়ান্ত পৰ্যায় : চিকিৎসাধীন মহিলা
কলগাছিয়াত পাৰিবাৰিক বিবাদ ৷ দুই মহিলাৰ সংঘাতে পালেগৈ চূড়ান্ত পৰ্যায় ৷ আহত মহিলা(Woman injured due to family conflict)ৰ চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন ৷
4.Kaliabhomora Bridge Accident : ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক
কলিয়াভোমোৰা দলঙত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা (Kaliabhomora Bridge Accident) ৷ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷
5.Tripura Violence : গৃহ মন্ত্ৰণালয়ৰ সন্মুখত TMC সাংসদৰ প্ৰতিবাদ
দিল্লীত গৃহ মন্ত্ৰণালয়ৰ সন্মুখত ত্ৰিপুৰা আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে (alleged police brutality in Tripura) তৃণমূল কংগ্ৰেছৰ সাংসদৰ প্ৰতিবাদ ৷ গৃহমন্ত্ৰীক সাক্ষাৎক অনুমতি বিচাৰিছে প্ৰতিবাদকাৰী সাংসদসকলে ৷
6.মুম্বাই ফেৰৎ বিধায়কে টিংখাঙত বিজেপি কৰ্মীক দিছে প্ৰশিক্ষণ
ডিব্ৰুগড়ত বিজেপিৰ প্ৰশিক্ষণ শিবিৰ(BJP training camp in tingkhong) অনুষ্ঠিত ৷ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যে এটাৰ পাচত এটাকৈ প্ৰশিক্ষণ শিবিৰ পাতিছে বিজেপিয়ে ৷
7.ৰাজ্যত অবাধে চলিছে শিল-বালিৰ অবৈধ ব্যৱসায়; নিৰ্বিকাৰ প্ৰশাসন !
ৰাজহ আদায় নিদিয়াকৈ একাংশ ব্যৱসায়ীয়ে দিনে-নিশাই কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা নাগালেণ্ডলৈ শিল-বালি কঢ়িয়াই আছে । যাৰ ফলত নীতি বৰ্হিঃভূতভাৱে চলি থকা এই ব্যৱসায়ৰ ফলত অসম চৰকাৰে হেৰুৱাইছে এক বুজন পৰিমাণৰ ৰাজহ ৷
8.Jorhat Massiv Fire : নিমিষতে ভস্মীভূত 25 টাকৈ বাসগৃহ
সোমবাৰে পুৱা যোৰহাট নগৰৰ পূব প্ৰান্তৰ আনন্দ নগৰত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ড(Jorhat Massiv Fire) ৷ এই অগ্নিকাণ্ডৰ ফলত চাৰিজনকৈ লোক ক্ৰমে ৰামজী ছাহু,অজয় ছাহু, কৃষ্ণ ছাহু, আৰু ৰাজেন্দ্ৰ ছাহুৰ ভাৰাঘৰৰ প্ৰায় 25 টাকৈ গৃহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় । ৰামজী ছাহুৰ ভাড়া ঘৰৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷ প্ৰায় 20 পৰা 25 লাখ টকাৰ সম্পত্তি এই অগ্নিকাণ্ডৰ ফলত লোকচান হৈছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ এই জুই নিৰ্বাপন কৰে ৷
9.Bogibeel Bridge Tollgate : মুকলিৰ দিশে বগীবিলৰ সমীপৰ টোলগেট
বহু প্ৰতিবাদৰ পিছতো বগীবিল দলঙৰ সমীপৰ টোলগেট (Bogibeel Bridge Tollgate) মুকলিক লৈ বদ্ধপৰিকৰ ৰাজ্য চৰকাৰ ৷ ইতিমধ্যে নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে টোলগেট নিৰ্মাণৰ কাম ৷
10.Kisan Mahapanchayat : লক্ষ্ণৌত কৃষক মহাপঞ্চায়তত ভিন্ন প্ৰান্তৰ কৃষকৰ অংশগ্ৰহণ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষি আইন(Farm Laws) বাতিল কৰাৰ কথা ঘোষণা কৰাৰ পাচতে সোমবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ইক' গাৰ্ডেনত আয়োজন কৰা হৈছে কৃষক মহাপঞ্চায়ত(Kisan Mahapanchayat) । কৃষক নেতা ৰাকেশ টিকাইটৰ আহ্বানত কৃষক মহাপঞ্চায়তত অংশগ্ৰহণ কৰিছে ৰাজ্যখনৰ হাজাৰ হাজাৰ কৃষকে ।