এইবাৰ মাজুলীৰ উপ নিৰ্বাচন : অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব কোন ?
সামৰণি পৰিল ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন । ২ নৱেম্বৰত ঘোষণা কৰা হ’ব এই পাঁচ সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল । এটা সমষ্টিৰ উপ নিৰ্বাচন এতিয়াও বাকী । সাংবিধানিক বিধি অনুসৰি, ২০২২ ৰ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’ব লাগিব মাজুলীৰ উপ নিৰ্বাচন ৷
নাৰায়ণপুৰবাসীৰ দৃষ্টি কাঢ়িছে আৰক্ষী জোৱান চেনীৰাম গগৈয়ে
ৰাইজৰ মাজত যান-বাহন আইনৰ সজাগতা সৃষ্টিৰ প্ৰচেষ্টাত ব্ৰতী এজন আৰক্ষী জোৱান ৷ শিমলুগুৰি আৰক্ষী চকীত কৰ্মৰত চেনিৰাম গগৈ নামৰ জোৱানগৰাকী সম্প্ৰতি হৈ পৰিছে সকলোৰে প্ৰশংসাৰ পাত্ৰ ৷
জন্ম বাৰ্ষিকীত লৌহ মানৱক সুঁৱৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে
গুজৰাটৰ নৰ্মদা জিলাৰ কেৱাড়িয়াত ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীয়ে কয়, "ৰাষ্ট্ৰীয় একতা দিৱসৰ এক বিশেষ গুৰুত্ব আছে ৷ আজি ৰাষ্ট্ৰীয় একতা দিৱসতো আজাদী কা অমৃত মহোৎসৱৰে এটি দিন...স্বাধীনতাৰ পিছত ভাৰত ত্যাগ কৰাৰ সময়ত বৃটিছে দেশখনক কেইবাটাও ভাগত বিভক্ত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ৷ চৰ্দাৰ পেটেলে এই ষড়যন্ত্ৰ বিফল কৰি অখণ্ড ভাৰত স্থাপনৰ সংকল্প লৈছিল" ৷
লংকাত বেজালি কৰি আলহী হ’ল ৰঙাঘৰৰ
হোজাইৰ লংকাত বেজালি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল উত্তৰ প্ৰদেশৰ এজন সাধুবাবা । ভেলেকীবাজিৰে নগদ বিশ হাজাৰ টকা সৰকাই নিয়াৰ অভিযোগ ভুক্তভোগীৰ ।
আৰক্ষী ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত, 11 জনৰ অৱস্থা সংকটজনক
শনিবাৰে হোজাই জিলাৰ লংকা-লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন বস্তিত 2nd APTF (Assam police task foce) বেটালিয়ানৰ দুখনকৈ বাহন দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত আহত হয় ১৭ জনকৈ আৰক্ষীৰ জোৱান ৷