অসম

assam

ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ খবৰ - TOP 10 @ 11 AM

11 বজাৰ দহটা শীৰ্ষ খবৰ

11 বজাৰ দহটা শীৰ্ষ খবৰ
11 বজাৰ দহটা শীৰ্ষ খবৰ

By

Published : Oct 23, 2021, 11:03 AM IST

মাজুলী-অফলামুখ ফেৰীঘাটত বন্ধ হ’ব ৰ'পেক্স

সেৱা আৰম্ভ হোৱাৰ ডেৰ মাহৰ পিছতে বন্ধ হোৱাৰ দিশে মাজুলী-অফলামুখ ফেৰীঘাটৰ ৰ’পেক্স ফেৰী সেৱা ৷ ৰ’পেক্সৰ 11 গৰাকী কৰ্মচাৰীক দৰমহা নিদিয়াৰ প্ৰতিবাদতে বন্ধ কৰা হ’ব ফেৰী সেৱা ৷

ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তাল কোকৰাঝাৰ

বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যতো চলিছে প্ৰতিবাদ ৷ কোকৰাঝাৰতো এনে অমানৱীয় আক্ৰমণ আৰু অত্যাচাৰৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ অসম ৰাজ্যিক সমিতিয়ে ৷ কোকৰাঝাৰ চহৰৰ সুভাষপল্লিস্থিত মহেশ মন্দিৰ প্ৰাংগণত পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচীখনি ৰূপায়ণ কৰা হয় ৷

চিৰাঙত চোৰাং চিকাৰীয়ে কামুৰিলে জোৱানক : হাতী দাঁতৰ সৈতে গ্ৰেপ্তাৰ 1

চিৰাঙত দুটাকৈ হাতী দাঁতৰ সৈতে গ্ৰেপ্তাৰ এজন লোক ৷ বন বিভাগ আৰু SSB এ যুটীয়াভাৱে চলাইছিল অভিযান ৷

ভিন্ন দুৰ্নীতিৰ তদন্তৰ দাবীৰে বৰপেটাত আছুৰ সংবাদমেল সম্বোধন

বৰপেটাত অব্যাহত থকা কাঠৰ অবৈধ সৰবৰাহৰ লগতে জিলাখনত মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ চাউলৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ দাবীত শুকুৰবাৰে বৰপেটা জিলা ছাত্ৰ সন্থাই এক সংবাদমেলৰ আহ্বান কৰে ৷

শিৱসাগৰত আহোম সেনাৰ অভিনৱ প্ৰতিবাদ

শিৱসাগৰ নগৰত আহোম সেনাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ আহোম সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে দেশৰ সামগ্ৰিক মূল্যবৃদ্ধি আৰু আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শুকুৰবাৰে নগৰৰ মুক্তিনাথ চাৰিআলিত এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷

বন্দুক নহয়; এইবাৰ হাতত গদা লৈ এছ পি আনন্দ মিশ্ৰ !

পৌৰাণিক অস্ত্ৰ শস্ত্ৰৰে সজ্জিত নগাঁও আৰক্ষী । হাতত ধনু কাঁড়, গদা ল’লে এছ পি আনন্দ মিশ্ৰই । নগাঁৱত আৰক্ষীৰ অন্য এক ৰূপ । হাতত অত্যাধুনিক মাৰণাস্ত্ৰ নহয়, পৌৰাণিক অস্ত্ৰ-শস্ত্ৰৰে সু সজ্জিত হৈ যুদ্ধত ব্যস্ত নগাঁও আৰক্ষী ।

গ্ল’বেল ষ্টাৰ প্ৰভাষৰ জন্মদিন উপলক্ষে ইনষ্টাগ্ৰামে মুকলি কৰিলে নতুন ফিল্টাৰ

আজি দক্ষিণৰ জনপ্ৰিয় অভিনেতা প্ৰভাষৰ জন্মদিন ৷ গ্ল’বেল তাৰকাগৰাকীৰ জন্মদিন উপলক্ষে ইনষ্টাগ্ৰামে ‘Global Prabhas Day’ বুলি মুকলি কৰিছে এটি নতুন ইনষ্টাগ্ৰাম ফিল্টাৰ ৷

স্বাধীনতাৰ ৭৫ বছৰ : বৰহাথ পৰিয়ালৰ ত্যাগৰ অমৰ কাহিনী

ৰাজস্থানৰ বৰহাথ পৰিয়ালে ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠিয়াবলৈ বিপ্লৱৰ পথত খোজ দিছিল । এয়া হৈছে এগৰাকী পিতৃ, পুত্ৰ আৰু ভাতৃৰ কাহিনী যিয়ে ৰাজস্থান আৰু মধ্য প্ৰদেশৰ কেতবোৰ স্থানত ৰাইজৰ মাজত বিপ্লৱী সত্ত্বা জগাই তুলিবলৈ লোকগীত পৰিৱেশন কৰিছিল । লগতে ব্ৰিটিছৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰি বিভিন্ন কাৰ্য সংঘটিত কৰিছিল আৰু বিপ্লৱৰ বীজ ৰোপণ কৰিছিল । গোটেই পৰিয়ালটোৱে ভাৰতৰ স্বাধীনতাৰ কাৰণে তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছিল ।

নগাঁৱৰ এঘাৰ মাইলত কয়দী কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

নগাঁৱৰ এঘাৰ মাইলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অভাৰটেক কৰিবলৈ গৈ এখন ট্ৰাকে খুন্দা মৰাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে কয়দী কঢ়িওৱা এখন বাহন ৷ 8 জন কয়দীক কঢ়িয়াই আনিছিল বাহনখনে ৷ আৰক্ষীৰ লগতে গুৰুতৰভাৱে আহত হয় কয়দী কেইজন ৷ ইপিনে দুজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসা বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ AS-30-7558 আৰু NL-01AA-7575 ।

থাওৰাত ৰাইজৰ দলৰ কৰ্মীৰ ওপৰত আক্ৰমণৰ অভিযোগ অখিল গগৈৰ

হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ পিছতে থাওৰাত অখিল গগৈৰ বাইক ৰেলীৰে চমক ৷ থাওৰাত ৰাইজৰ দলৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে ৷

ABOUT THE AUTHOR

...view details