Private security with MLA Rekibuddin Ahmed: বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগত বহিঃৰাজ্যৰ সশস্ত্র ব্যক্তিগত নিৰাপত্তাৰক্ষী কিয় ?
বিধায়ক হিচাপে নির্বাচিত জনপ্রতিনিধিক অসম আৰক্ষীয়ে নিৰাপত্তা দিয়াত যদি ব্যৰ্থ হোৱা নাই তেন্তে কিয় কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সুৰক্ষাৰ দায়িত্বত বহিঃৰাজ্যৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছে (Security forces from outside with Rekibuddin Ahmed)। এই প্রশ্ন উত্থাপন কৰি অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ পত্র ।
CJI D Y Chandrachud: উচ্চতম ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ হিচাবে শপত গ্ৰহণ ডি ৱাই চন্দ্রচূড়ৰ
দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাবে শপত গ্ৰহণ কৰিলে ধনঞ্জয় ৱাই চন্দ্রচূড়ে (DY Chandrachud take oath as CJI) । তেওঁ ছুপ্রিম কোর্টৰ বিদায়ী মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ স্থলাভিষিক্ত হয় । ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে আজি (President Droupadi Murmu) ৰাষ্ট্রপতি ভৱনত তেওঁক শপত বাক্য পাঠ কৰায় ।
Nitin Gadkari appreciated Manmohan Singh: প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক প্ৰশংসা নীতিন গাডকাৰীৰ
প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিত্তমন্ত্ৰী ড৹ মনমোহন সিঙে আৰম্ভ কৰা অৰ্থনৈতিক সংস্কাৰে ভাৰতক এক নতুন দিশ দেখুৱাবলৈ কাম কৰিছিল বুলি উল্লেখ নীতিন গাডকাৰীৰ(Road Transport and Highways Minister Nitin Gadkari) ৷ মহাৰাষ্ট্ৰৰ পথ নিৰ্মাণৰ বাবে ধন সংগ্ৰহ কৰাত ড৹ মনমোহন সিঙে সহায় কৰাৰ কথাও উল্লেখ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৷
Amit Shah meet with on IB officials: দিল্লীত চোৰাংচোৱা ব্যুৰ'ৰ সৈতে বৈঠকত অমিত শ্বাহ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এক বৈঠকত দেশৰ শক্তিশালী আভ্যন্তৰীণ নিৰাপত্তা নিশ্চিত কৰিবলৈ সামগ্ৰিক আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতি,চোৰাংচোৱা সংগ্ৰহ, নেটৱৰ্ক আৰু অন্যান্য দিশৰ বুজ ল'ব । বৈঠকখনত সন্ত্ৰাসবাদী ভাবুকি আৰু গোলকীয় সন্ত্ৰাসবাদী সংগঠন (global terrorist organisations),সন্ত্ৰাসবাদৰ বিত্তীয় যোগান আদি সন্দৰ্ভত আলোচনা কৰা হ'ব ।
Earthquake in Nepal and Delhi: কঁপি উঠিল নেপাল-দিল্লী, 6 জনৰ মৃত্যু
পুনৰ ভূমিকম্পৰ জোকাৰণি চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ লগতে ভাৰতৰ ৰাজধানী নতুন দিল্লীত (Earthquake in Nepal and Delhi) ৷ নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প কেন্দ্ৰই জনোৱা মতে, নেপালৰ সুদূৰ পশ্চিম অঞ্চলৰ ডোটি জিলাত মঙলবাৰে নিশা 9:07 বজাত অহা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল প্ৰায় 5.2 ৰিখটাৰ স্কেল ৷ ইফালে, নতুন দিল্লীত বুধবাৰে পুৱতি নিশা প্ৰায় 1:57 বজাত অহা ভূমিকম্পৰ প্ৰাৱল্য আছিল প্ৰায় 6.3 ৰিখটাৰ স্কেল ৷