অসম

assam

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : May 21, 2022, 12:59 PM IST

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি
দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচলত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

অৰুণাচল প্ৰদেশৰ কেইবাটাও অনুষ্ঠানত অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah to visit Arunachal Pradesh)। ৰামকৃষ্ণ মিছনৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰাৰ লগতে লোহিত জিলাত পৰশুৰামৰ এটা মূৰ্তিৰ আধাৰশিলা স্থাপন কৰিব ।

মছজিদৰ ভিতৰত শিৱলিংগ উদ্ধাৰৰ পোষ্ট দি গ্ৰেপ্তাৰ হিন্দু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক

বাৰাণসীৰ জ্ঞানবাপী মছজিদ কমপ্লেক্সৰ ভিতৰত শিৱলিংগ উদ্ধাৰ হোৱা বুলি কৰা আপত্তিজনক ছ’চিয়েল মিডিয়া পোষ্টৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰতন লালক গ্ৰেপ্তাৰ (Hindu College associate professor arrest ) ৷ এই সন্দৰ্ভত কৰা পোষ্টটোক সমৰ্থন কৰি লালে ক’লে ''মই এজন ইতিহাসবিদ '' ৷

সন্ত্ৰাসবাদ নিৰ্মূল কৰি দেশত সম্পূৰ্ণ শান্তি আনিব পাকিস্তানে

সন্ত্ৰাসবাদৰ ভাবুকি নিৰ্মূল কৰি দেশত সম্পূৰ্ণ শান্তি অনাৰ প্ৰতিশ্ৰুতি দিছে পাকিস্তানে (Pakistan vowed to eliminate terrorism) ৷ আমেৰিকা, চীন, ৰাছিয়া আদিকে ধৰি সকলো প্ৰধান শক্তিৰ সৈতে আৰু অধিক গভীৰ সম্পৰ্ক স্থাপনৰো পদক্ষেপ লৈছে দেশখনে ৷

ৰাজ্যৰ প্ৰতিষ্ঠিত বিৰোধী ৰাজনৈতিক দলসমূহৰ কোনো ভৱিষ্যত নাই : মামুন ইমদাদুল হক চৌধুৰী

বৰপেটাৰ হাউলীত আম আদমী পাৰ্টীৰ যোগদান(AAP joining programme in Howly) সমাৰোহ ৷ এই অনুষ্ঠানত উপস্থিত থাকে মামুন ইমদাদুল হক চৌধুৰী ৷ প্ৰায় শতাধিক লোকে শুকুৰবাৰে দলটোত যোগদান কৰে ৷

প্ৰতিকূল বতৰৰ বাবে আগ্ৰালৈ ডাইভাৰ্ট কৰা হ’ল ৰাজনাথ সিঙৰ বিমান

দিল্লী অভিমূখে ৰাওনা হোৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিমান প্ৰতিকূল বতৰৰ বাবে আগ্ৰালৈ ডাইভাৰ্ট কৰা হয় (Rajnath Singhs flight diverted) ৷ বদোদৰাত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি জনসমাৱেশত বক্তৃতা প্ৰদান কৰাৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী পুনৰ দিল্লীলৈ ৰাওনা হৈছিল ৷

River erosion in Sivsagar : মিটং নদীৰ গৰাখহনীয়াই আমগুৰিত লৈছে ভয়াবহ ৰূপ

বান, গৰাখহনীয়াৰ কবলত শিৱসাগৰ জিলাৰ আমগুৰিৰ ভিন্ন অঞ্চল ৷ আমগুৰি সমষ্টিৰ মিটং নদীৰ মথাউৰিৰ গৰাখহনীয়াই লৈছে ভয়াবহ ৰূপ (Mitong River Errotion at Amguri)৷ আমগুৰিৰ প্ৰায় 20 খনৰো অধিক গাঁৱৰ লোকে বিনিদ্ৰ ৰজনীত দিন পাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷

দুধনৈৰ জলসিঞ্চন বিভাগৰ অভিযন্তাৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখা

গোৱালপাৰাত দুৰ্নীতি নিবাৰক শাখাৰ তালাচী ৷ দুধনৈৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা আকবৰ আলীৰ গৃহত চলে এই অভিযান ৷ তালাচীত উদ্ধাৰ দুই লাখ বাৰ হাজাৰ টকাৰ নগদ ধন । কাৰ্যালয়ত উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পৰিছিল আকবৰ আলী(CM vigilance team arrested Executive engineer accepting bribe) ৷

Sheena Bora Murder Case :6 বছৰৰ পাছত মুক্ত আকাশৰ তলত ইন্দ্ৰাণী

দেশজুৰি চৰ্চা লাভ কৰা শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে ২০১৫ চনৰে পৰা কাৰগাৰত বন্দী হৈ থকাৰ পাছত শুকুৰবাৰে বাইকুল্লা কাৰাগাৰৰ পৰা ওলাই আহে (Indrani Mukherjea released from Byculla jail)। শেহতীয়াকৈ ইন্দ্ৰাণীয়ে দাবী কৰিছিল যে তেওঁৰ কন্যা শ্বীনা বৰা এতিয়াও জীয়াই আছে ।

প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীৰ অসুস্থতাৰ খবৰ ল’লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে

ত্ৰিপুৰাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই শুকুৰবাৰে পৰিদৰ্শন কৰে ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় হাস্পতাল(TMCH) ৷ চিকিৎসালয়খনত ভৰ্তি হৈ থকা প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী তথা চিপিআইএমৰ বিধায়ক বাদল চৌধুৰীৰ স্বাস্থ্যৰ খবৰ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত উপস্থিত(Tripura CM visits hospital to check ailing former Health Minister) হয় ৷

কলঙৰ বাঢ়নী পানীয়ে ছিঙিলে মিলনপুৰৰ গড়কাপ্তানী পথ

হঠাৎ উফন্দি উঠিছে নগাঁৱৰ কলং । কলঙৰ বাঢ়নী পানীয়ে ছিঙিলে নগাঁও চহৰৰ মিলনপুৰ গড়কাপ্তানী পথ । যাৰবাবে এতিয়া বানৰ আতংকত নগাঁও চহৰবাসী(Flood water breaks the road in Nagaon) । কলঙৰ পাৰৰ বহু বাসগৃহ ইতিমধ্যেই জলমগ্ন হৈছে কলঙৰ বাঢ়নী পানীত(Flood in Nagaon) । প্ৰশাসনে বন্ধ কৰি দিছে মিলনপুৰ, মধুপুৰৰ পথেৰে যাতায়ত(Flood Situation in Assam) ।

ABOUT THE AUTHOR

...view details