ধলাই বিধানসভা সমষ্টিত কংগ্ৰেছ দলত ব্যাপক খহনীয়া - ধলাই বিধানসভা সমষ্টি
শুকুৰবাৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিজেপি দলৰ প্ৰাক্তন মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ উপস্থিতিত ধলাইৰ কেইবাগৰাকীও কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান । প্ৰায় তিনি হাজাৰ গৰাকীয়ে কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে গেৰুৱা দলত ।

কাছাৰ, ১৭ আগষ্ট: ধলাই বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ খহনীয়া । শুকুৰবাৰে প্ৰায় তিনি হাজাৰ কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত । মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু প্ৰাক্তন মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ উপস্থিতিত কৰ্মীসকলে দলটোত যোগদান কৰে । তিনিহাজাৰ কৰ্মীৰ ভিতৰতে কাছাৰ জিলাৰ প্ৰাক্তন জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিফজুৰ ৰহমান, ধলাইৰ জিলা পৰিষদৰ প্ৰাক্তন সদস্য বিশ্বজিৎ দেৱৰায়, নৰসিংপুৰৰ প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি সীতাংশু দাস, মদন গৌড়, শেহতীয়াকৈ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত চান্নিঘাট গাঁও পঞ্চায়তৰ সভাপতি অনুপমা ৰায়ৰ আদিৰ দৰে সমষ্টিটোৰ কেইবাগৰাকীও কংগ্ৰেছী নেতাই বিজেপি দলত যোগদান কৰে ।