শিলচৰ, 1 জুন :শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কাছাৰ আৰক্ষীয়ে । মঙলবাৰে শিলচৰ চহৰৰ মাজমজিয়া তাৰাপুৰৰ পৰা ড্ৰাগছ সৰবৰাহৰ লগত জড়িত তিনিজনক আটক কৰে কাছাৰ আৰক্ষীয়ে ৷ ইয়াৰ লগতে হেৰ'ইনসহ মবাইল আৰু নগদ টকা জব্দ কৰে কাছাৰ আৰক্ষীয়ে ৷
কাছাৰ আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী
শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কাছাৰ আৰক্ষীয়ে । মঙলবাৰে শিলচৰ চহৰৰ মাজমজিয়া তাৰাপুৰৰ পৰা ড্ৰাগছ সৰবৰাহৰ লগত জড়িত তিনিজনক আটক কৰে কাছাৰ আৰক্ষীয়ে ৷ ইয়াৰ লগতে হেৰ'ইনসহ মবাইল আৰু নগদ টকা জব্দ কৰে কাছাৰ আৰক্ষীয়ে ৷
কাছাৰ আৰক্ষী জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী
আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, এক গোপন সূত্ৰৰ পম খেদি তাৰাপুৰৰ কালিমহন ৰোডত অভিযান চলাই হেৰ'ইনসহ ড্ৰাগছ সৰবৰাহকাৰী কেইটাক আটক কৰে ৷ কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ নেতৃত্বত চলোৱা হয় উক্ত অভিযান ৷ কাছাৰ আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে ১ মে'ৰ পৰা ৩১ মে' লৈকে মুঠ ১৯ টা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে ৷
লগতে পঢ়ক:কাৰাগাৰৰ পৰাই শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কাম আৰম্ভ কৰিছে অখিল গগৈয়ে