শিলচৰ, 6 নৱেম্বৰ :বাংলাদেশৰ পৰা অবৈধভাৱে সীমা পাৰ হৈ আহি ভাৰতত নীতিবৰ্হিভূত কামত লিপ্ত হোৱা বাংলাদেশী লোকৰ অভাৱ নাই ৷ আৰক্ষীয়ে এনে লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে যদিও বন্ধ হোৱা নাই দেশলৈ বাংলাদেশীৰ আগমণ ৷ শেহতীয়াকৈ কাছাৰৰ কাটিগড়াত তিনি বাংলাদেশৰ নাগৰিকক আটক কৰা হয় । ভাৰত-বাংলাদেশ সীমান্তৰ কাছাৰৰ কাটিগড়া কিন্নখাল বজাৰৰ পৰা নিশা গাঁওৰক্ষী বাহিনীয়ে আটক কৰে বাংলাদেশী লোককেইজনক ।
কাছাৰ আৰক্ষীৰ তথ্য মতে, দেওবাৰৰ নিশা ভাৰত-বাংলাদেশ সীমান্তৰ কাটিগড়া কিন্নখাল বজাৰত তিনিজনকৈ লোকক ঘূৰা-ফুৰা কৰি থকা দেখি সন্দেহ হয় স্থানীয় কৰ্তব্যৰত গাঁওৰক্ষী বাহিনীৰ । সন্দেহবশতঃ গাঁওৰক্ষী বাহিনীয়ে আটক কৰে লোক তিনিজনক । পিছে সোধপোছ কৰোঁতেহে ওলাল আচল ৰহস্য ।
গাঁওৰক্ষীৰ সোধ-পোছত আটক হোৱা তিনিজন লোকে স্বীকাৰ কৰে যে তেওঁলোক বাংলাদেশৰ নাগৰিক ৷ কাছাৰৰ পৰা চোৰাংকৈ ম’হ বাংলাদেশলৈ লৈ যোৱাৰ উদ্দেশ্যে তেওঁলোকে অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত । আটক হোৱা বাংলাদেশী কেইজনৰ এনে স্বীকাৰোক্তিৰ পাচত গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীৰ হাতত গতাই দিয়ে তিনিওকে ।