শিলচৰ, ৬ জানুৱাৰী :কাছাৰ জিলাৰ ৰংপুৰ মাঝৰগ্ৰামত বৰাক নৈৰ ভয়াবহ খহনীয়াই শংকিত হৈছে । নৈৰ প্ৰৱল খহনীয়াৰ বাবে প্ৰায় শতাধিক পৰিয়ালৰ ভেটি-মাটি জাহ গৈছে নৈৰ বুকুত । আনকি নৈৰ কাষত থকা মথাউৰিও জাহ গৈছে নৈৰ বুকুত । সেইবাবে আতংকিত হৈ পৰিছে গঞা ৰাইজ । ইয়াৰ পিচতো এতিয়ালৈ জলসম্পদ বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । নৈপৰীয়া গঞা ৰাইজে বৰাক নৈৰ ভয়ংকৰ খহনীয়াৰ তাণ্ডৱ দেখি আংতকিত হৈ পৰাৰ বিষয়ে বাতৰি পৰিৱেশন কৰাৰ পিছত সংশ্লিষ্ট বিভাগে গুৰুত্ব প্ৰদান কৰিব বুলি ৰাইজে ভাবিছিল যদিও এই পৰ্যন্ত গা-নলৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ।
ইতিমধ্য়ে কেইবা হাজাৰ বিঘা কৃ্ষিভূমি আৰু বহু মূল্যবান গছ-গছনি নৈত বিলীন হৈ গৈছে । খহনীয়া ৰোধৰ বাবে চৰকাৰ-প্ৰশাসন তথা জলসম্পদ বিভাগে কোনো ব্যৱস্থা নোলোৱাত ক্ষোভ উজাৰে অঞ্চলবাসীয়ে । উল্লেখ্য যে যোৱা কেইবাবছৰ ধৰি কাছাৰৰ ৰংপুৰ মাঝৰগ্ৰামত বৰাক নৈৰ খহনীয়া অব্যাহত আছে । ফলত এই অঞ্চলটোৰ শতাধিক পৰিয়ালৰ মাটিসহ ঘৰদুৱাৰ নৈৰ বুকুত জাহ যোৱাত সেইসকল দুৰ্ভগীয়া পৰিয়ালে অন্য স্থানলৈ স্থানান্তৰিত হ'ব লগীয়া হৈছে । তথাপি চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে এইসকল দুৰ্ভগীয়া লোকৰ খবৰ লোৱা নাই ।