কাছাৰ, 17 অক্টোবৰ : অসম-মিজোৰাম সীমান্তবৰ্তী লায়লাপুৰত তীব্ৰ উত্তেজনা ৷ মিজো দুষ্কৃতিকাৰীয়ে অসম ভূমিৰ তিনিখন দোকান জ্বলাই দিয়াৰ লগতে বোমা বিস্ফোৰণ কৰাৰ ফলত গুৰুতৰভাবে আহত এজন যুবক ।
ঘটনাস্থলীত আৰক্ষী আৰু CRPF ৰ বিষয়া উপস্থিত হৈ পৰিস্থিত শান্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে, এই ঘটনাৰ পিচতে লায়লাপুৰ অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজ ঘৰ পৰা ওলাই আহিছে মিজো দুষ্কৃতিকাৰীৰ লগত মোকাবিলা কৰিবৰ বাবে ৷