অসম

assam

ETV Bharat / state

অবৈধ চাউল জব্দ কৰাক লৈ শিলচৰ ৰামনগৰত উত্তেজনা - শিলচৰৰ চাপ্লাই ইন্সপেক্ট

শিলচৰ ৰামনগৰত উত্তেজনা ৷ চাউল জব্দ কৰিবলৈ যোৱা অভিযানকাৰী দলৰ ওপৰত দুষ্কৃতিকাৰীৰ আক্ৰমণ ৷ অভিযানত জব্দ এফ চি আই (FCI)ৰ ৪০৫ বস্তা চাউল ৷

tension-prevails-in-ramnagar-in-silchar-over-seizure-of-illegal-rice
অবৈধ চাউল জব্দ কৰাক লৈ শিলচৰ ৰামনগৰত উত্তেজনা

By

Published : Jun 15, 2021, 4:01 PM IST

শিলচৰ, 15 জুন : অবৈধ চাউল জব্দ কৰাক কেন্দ্ৰ কৰি শিলচৰ ৰামনগৰত উত্তেজনা ৷ চাউল জব্দ কৰিবলৈ যোৱা যোগান বিভাগৰ এটা অভিযানকাৰী দলৰ ওপৰত আক্ৰমণ একাংশ দুষ্কৃতিকাৰীৰ ৷

ঘটনাৰ বিবৰণ অনুসৰি শিলচৰ ৰামনগৰৰ লুনিয়া প্ৰাইভেট লিমিটেড (Lunia Pvt. Ltd) নামৰ এটা গুদামত এফ চি আই (FCI)ৰ প্ৰায় ৪০৫ বস্তা চাউল অবৈধভাৱে মজুত কৰি ৰখাৰ খবৰ লাভ কৰি মঙলবাৰে শিলচৰৰ চাপ্লাই ইন্সপেক্ট (Supply inspector)ৰ ডি পাঠকৰ নেতৃত্বত চাপ্লাইৰ এটা দলে উক্ত গুদামটোত অভিযান চলাইছিল ৷

অবৈধ চাউল জব্দ কৰাক লৈ শিলচৰ ৰামনগৰত উত্তেজনা

অভিযানত জব্দ কৰা হয় এফ চি আই (FCI)ৰ ৪০৫ বস্তা চাউল ৷ পিছে অভিযানত যোৱা এই দলটোৰ ওপৰত আক্ৰমণ চলায় স্থানীয় একাংশ দুষ্কৃতিকাৰীয়ে ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত গুদাম মালিকৰ ওপৰত এফ আই আৰ (FIR) ৰুজু কৰা হ’ব বুলি কয় চাপ্লাই ইন্সপেক্ট (Supply inspector)ৰ ডি পাঠকে ৷

পিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত সেই স্থানৰ পৰা পলায়ন কৰে দুষ্কৃতিকাৰী দলটো ৷ জানিব পৰা মতে দীৰ্ঘদিন ধৰি উক্ত গুদামত এফ চি আই (FCI)ৰ চাউল মজুত ৰাখি অবৈধ কাৰবাৰ চলাই আহিছিল গুদাম মালিকে ৷

লগতে পঢ়ক : গৰম বন্ধ শেষ হ'ল যদিও নোখোলে বিদ্যালয়

ABOUT THE AUTHOR

...view details