কাছাৰ, 26 জুন :শিলচৰৰ টি টি মহাবিদ্যালয়ত শনিবাৰে পুৱা ক’ৰণা ভেকছিনক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ভেকচিন ল’বলৈ আহি শতাধিক লোকে পথ অৱৰোধ কৰিবলৈ ধৰে ৷ ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয় ৷ জানিব পৰা মতে, টি টি মহাবিদ্যালয়ত শনিবাৰে পুৱা ক’ৰণাৰ ভেকচিন প্ৰদানৰ কথা আছিল ৷ যাৰ বাবে শতাধিক লোকে ভেকচিন গ্ৰহণ কৰবলৈ পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি আছিল ৷
পুৱাৰে পৰা দীঘলীয়া শাৰীত অপেক্ষা কৰি থকা ৰাইজ ভেকচিন প্ৰদান নকৰাক লৈ উত্তেজিত হৈ পৰে ৷ উত্তেজিত ৰাইজে শিলচৰ মেডিকেল কলেজলৈ যোৱা পথছোৱা অৱৰোধ কৰে ৷ যাৰ ফলত এম্বুলেঞ্চ সহ শতাধিক যান-বাহন আৱদ্ধ হৈ পৰে ৰাজপথত ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও উত্তেজিত ৰাইজে পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলাত আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হয় ৷
ক’ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ইখনৰ পাচত সিখন SOP জাৰি কৰিছে ৷ তাৰ মাজতে শুকুৰবাৰে ৰাজ্য চৰকাৰখনে আকৌ এখন নতুন SOP জাৰি কৰে ৷ সেই অনুসৰি অহা সোমবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নতুন ক’ভিড SOP ।