অসম

assam

ETV Bharat / state

গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি শিলচৰত উত্তেজনা - উত্তেজনা

গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি শিলচৰ মেহৰপুৰ নাইটিংগল হাস্পতালত শিলচৰ মেহৰপুৰ নাইটিংগল হাস্পতালত ৷ চিকিৎসৰ ভুলৰ বাবে গৰ্ভৱতী মহিলাগৰাকীৰ মৃত্যু হয় বুলি অভিযোগ উত্থাপন কৰে একাংশ লোকে ৷

tense situation in Silchar on pregnant woman death
গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি শিলচৰত উত্তেজনা

By

Published : Nov 4, 2021, 9:35 PM IST

শিলচৰ, 4 নৱেম্বৰ : শিলচৰ মেহৰপুৰ নাইটিংগল হাস্পতালত গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা সৃষ্টি হয় ৷ মহিলা গৰাকীৰ আত্মীয়ৰ লগতে একাংশ লোকৰ অভিযোগ মতে, চিকিৎসৰ ভুলৰ বাবে মৃত্যু হয় গৰ্ভৱতী মহিলাগৰাকীৰ ৷ ইয়াৰ পাচতে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে আত্মীয়ৰ লগতে একাংশ লোকে ৷

গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি শিলচৰত উত্তেজনা

ইফালে, উত্তেজিত ৰাইজে ক্ষোভত হাস্পতালৰ বিভিন্ন আচবাব ভাঙি ধ্বংস কৰে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ তদুপৰি হাস্পতালৰ চিকিৎসক ডাঃ অৰুণ পাল চৌধুৰীক শাৰীৰিকভাৱে অপদস্থ কৰে বুলি জানিব পৰা গৈছে ৷ সমান্তৰালভাৱে ৰাইজে প্ৰায় দুঘণ্টা জুৰি অৱৰোধ কৰি থয় শিলচৰ মেডিকেল ৰোড ৷

উল্লেখ্য যে, শিলচৰ পাব্লিক স্কুল ৰোডৰ নিবাসী ৮ মহীয়া গৰ্ভৱতী সুমিতা পাল ( 34) নামৰ মহিলাগৰাকীক বুধবাৰে হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে হাস্পতালত বৃহস্পতিবাৰে হঠাৎ মৃত্যু হয় মহিলাগৰাকীৰ ৷

ইয়াৰ ফলতে একাংশ লোকে হাস্পতালৰ চৌহদত এনে পৰিস্থিতি সৃষ্টি কৰে যে, পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলগীয়া হয় পৰিস্থিতি ৷ ৰাইজৰ দাবীত চিকিৎসক ডাঃ অৰুণ পাল চৌধুৰীকো আটক কৰে আৰক্ষীয়ে ৷ লগতে পৰিস্থিতি বুজ ল'বলৈ হাস্পতালত উপস্থিত হয় কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষীৰ অধীক্ষক সুব্ৰত সেন ৷

মহিলাগৰাকী মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে ৷ তদুপৰি হাস্পতালখনত সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চিআৰপিএফৰ জোৱান মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ মহিলাগৰাকীৰ মৃত্যুত উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে মৃতকৰ পৰিয়ালে ৷

লগতে পঢ়ক:পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসক লৈ উৎফুল্লিত টীয়কৰ জনতা

ABOUT THE AUTHOR

...view details