অসম

assam

ETV Bharat / state

বিভিন্ন দাবীৰে সংবাদমেল বৃত্তিমূলক শিক্ষক সংস্থাৰ - শিলচৰ প্ৰেছ ক্লাবত এখন সংবাদ মেল

চাকৰি নিয়মীয়াকৰণ আৰু তৃতীয় পক্ষৰ দ্বাৰা চাকৰিত নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবীত সদৌ অসম বৃত্তি মূলক শিক্ষক সন্থাই দেওবাৰে শিলচৰ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে ।

বিভিন্ন দাবীৰে সংবাদমেল বৃত্তিমূলক শিক্ষক সংস্থাৰ
বিভিন্ন দাবীৰে সংবাদমেল বৃত্তিমূলক শিক্ষক সংস্থাৰ

By

Published : Feb 14, 2021, 8:32 PM IST

শিলচৰ,১৪ ফেব্ৰুৱাৰী:ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ শিক্ষকক নিযুক্তি দিছে । কিন্তু এতিয়াও ৰাজ্যৰ একাংশ শিক্ষকৰ দাবী পূৰণ কৰিব পৰা নাই চৰকাৰে । ৰাজ্যজুৰি প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ সংবাদমেলযোগে চৰকাৰক বিভিন্ন দাবী জনালে সদৌ অসম বৃত্তিমূলক শিক্ষক সন্থাই । চাকৰি নিয়মীয়াকৰণ আৰু তৃতীয় পক্ষৰ দ্বাৰা চাকৰিত নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবীত সদৌ অসম বৃত্তি মূলক শিক্ষক সন্থাই দেওবাৰে শিলচৰ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে ।

বিভিন্ন দাবীৰে সংবাদমেল বৃত্তিমূলক শিক্ষক সংস্থাৰ

এই সংবাদ মেলত সন্থাৰ কেন্দ্ৰীয় কৰ্মকৰ্তা বাহাৰুল ইছলামে জনাই যে সমগ্ৰ ৰাজ্যৰ স্কুল সমূহত ৮০০ গৰাকী বৃত্তিমূলক শিক্ষক কৰ্মৰত অৱস্থাত আছে । কিন্তু দীৰ্ঘদিনৰ পৰাই তেওঁলোকে বৃত্তিমূলক শিক্ষা প্ৰদান কৰি আহিছে যদিও তেওঁলোকৰ চাকৰি স্থায়ী হোৱা নাই । ইতিমধ্যে ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্তবিশ্ব শর্মাৰ সৈতে বহুবাৰ আলোচনা কৰিছে যদিও তেওঁলোকৰ দাবী পূৰণ কৰা নাই । সংবাদমেলৰ জৰিয়তে অতি শীঘ্ৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰক দাবী জনাই সন্থাই ।

লগতে পঢ়ক:অসমৰ ব্লেক পেন্থাৰ আম্বানীৰ চিৰিয়াখানত হস্তান্তক লৈ সৰৱ কংগ্ৰেছ

ABOUT THE AUTHOR

...view details