শিলচৰ,6 জানুৱাৰী: সদ্য প্ৰয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম শিলচৰৰ বৰাক নদীৰ বুকুত বিসর্জন দিয়াৰ উদ্দেশ্যৰে বুধবাৰে শিলচৰত উপস্থিত হয় প্রয়াত তৰুণ গগৈৰ পুত্র তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ৷ চিতাভষ্ম বিসৰ্জন দিয়াৰ পূৰ্বে প্ৰথমে শিলচৰ কংগ্ৰেছ ভৱনত এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয় ৷ প্রার্থনা সভাত হিন্দু, খ্রীষ্টান, বৌদ্ধ, ইছলাম আদি ধর্মৰ লোকে নিজ নিজ ধর্মীয় প্রার্থনা কৰাৰ লগতে শিলচৰৰ বিভিন্ন জাতি-জনগোষ্ঠীয়, ধর্মীয় সম্প্রদায়ৰ লোকে উপস্থিত হৈ জননেতাগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
বৰাকত বিসর্জন তৰুণ গগৈৰ চিতাভস্ম - Barak River
বুধবাৰে শিলচৰৰ বৰাকত বিসর্জন দিয়া হয় সদ্য প্ৰয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম ৷ তৰুণ গগৈৰ পুত্র তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে শিলচৰ কংগ্ৰেছ ভৱনত উপস্থিত হৈ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ পাচত বৰাক নদীৰ বুকুত বিসর্জন দিয়ে তৰুণ গগৈৰ চিতাভস্ম ৷

বৰাকত বিসর্জন তৰুণ গগৈৰ চিতাভস্ম
বৰাকত বিসর্জন তৰুণ গগৈৰ চিতাভস্ম
উল্লেখযোগ্য যে, এই কার্যসূচীত উপস্থিত থাকে অসমৰ প্ৰাক্তন মন্ত্ৰী অজিত সিং, শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেব, বিধায়ক কমলাক্ষ দে পুৰোকায়স্থৰ লগতে অসম প্রদেশ কংগ্রেছ সমিতিৰ কেইবাগৰাকীও শীর্ষ বিষয়ববীয়া ৷