শিলচৰ, 3 এপ্ৰিলঃবুধবাৰে প্ৰকাশ পোৱা সুস্মিতা দেৱৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব বিলৰ বিষয়ে কোনো কথা উল্লেখ নথকাত এই বিষয় লৈ সুস্মিতা দেৱৰ দুমুখীয়া স্থিতি প্ৰমাণিত হৈছে ৷ পূৰ্বে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে বৰাক উপত্যকাত নাগৰিকত্ব সংশোধনী বিধেয়কবাতিলৰ হকে মাত মাতিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷
প্ৰমাণিত হ'ল সুস্মিতা দেৱৰ দুমুখীয়া স্থিতি - CAB
প্ৰমাণিত হৈছে সুস্মিতা দেৱৰ দুমুখীয়া স্থিতি ৷ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা
SILCHAR DISTRICT CONGRESS COMMITTEE
কিন্তু বুধবাৰে শিলচৰ জিলা কংগ্ৰেছ কমিটিয়ে এখন সংবাদমেলৰ আয়োজন কৰি যি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে তাত উল্লেখ নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা ৷ ইয়াৰ পাছতে সংবাদ মাধ্যমৰ তীব্ৰ প্ৰশ্নবানত কমিটিৰ কৰ্মকৰ্তা সকল উত্তৰবিহীন হৈ পৰে ৷