অসম

assam

ETV Bharat / state

শিলচৰ বিশ্ববিদ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি! - ASSAM

এটা ৰাজপথক লৈ উত্তেজনাময় পৰিস্থিতি শিলচৰত ৷ ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি পথটোৰ প্ৰতি গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শিলচৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷

এটা ৰাজপথক লৈ উত্তেজনা

By

Published : Jul 22, 2019, 7:57 PM IST

শিলচৰ, 22 জুলাইঃ এটা গুৰুত্বপূৰ্ণ পথ ৷ এই পথটোৰে যাতায়াত কৰে তিনিখনকৈ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বহুতে লোকে ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়,এনআইটি,অসম বিশ্ববিদ্যালয়ৰ লগত বহু প্ৰতিষ্ঠান আৰু কলকাৰখানা সংযোগকাৰী শিলচৰ-হাইলাকান্দি গড়কাপ্তানী পথৰ দুৰৱস্থাই বিপদত পেলাইছে সকলোকে ৷ যাৰবাবে সোমবাৰে ক্ষুব্ধ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিলচৰ হাইলাকান্দি ঘাইপথ অৱৰোধ কৰে ৷

শিলচৰ বিশ্ববিদ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি!
বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণীকোঠা এৰি বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ লগতে শিলচৰ হাইলাকান্দি ঘাইপথ অৱৰোধ কৰে । তেওঁলোকে অনতিপলমে পথটো নিৰ্মাণ কৰাৰ বাবে দাবী জনাইছে ৷

ABOUT THE AUTHOR

...view details