শিলচৰত ধুমুহাৰ তাণ্ডৱ
নিশা অহা এজাক ধুমুহাই তচ-নচ কৰি গ'ল শিলচৰৰ পাঁচগ্ৰাম জিলা পৰিষদৰ বহু অঞ্চল ৷ এই ধুমুহাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ বহু লোকৰ নৱ-নিৰ্মিত বাসগৃহৰ লগতে বহু ঘৰ আদি ভাঙি চুৰমাৰ হয় ৷
শিলচৰত ধুমুহাৰ তাণ্ডৱ
শিলচৰ, 30 এপ্ৰিল : নিশা অহা এজাক ধুমুহাই তচ-নচ কৰি গ'ল শিলচৰৰ পাঁচগ্ৰাম জিলা পৰিষদৰ বহু অঞ্চল ৷ নিশা অহা এই ধুমুহাত পাঁচগ্ৰামৰ অন্তৰ্গত ঠাড়াপুৰ,টৌছিপ নতুন কলনিৰ আদি অঞ্চলত বিস্তৰ ক্ষতি সাধন হয় ৷ ফলত এই বিধ্বংসী ধুমুহাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ বহু লোকৰ নৱ-নিৰ্মিত বাসগৃহৰ লগতে বহু ঘৰ আদি ভাঙি চুৰমাৰ হোৱাৰ লগতে অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন হয় ৷ লগতে ঠায়ে ঠায়ে গছ উভালি পৰাত বৰ্তমানেও বিদ্যুৎ সেৱা বিকল হৈ আছে বৃহত্তৰ অঞ্চলটোত ৷