অসম

assam

ETV Bharat / state

চৌদি আৰবত আৱদ্ধ হজ যাত্ৰীক অসমলৈ অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে

এয়াৰ ইণ্ডিয়াৰ গাফিলতিত বিমান সেৱা বাতিলৰ ফলত আৰবৰ এখন হোটেলত ১৫ ঘন্টা ধৰি আবদ্ধ অসমৰ প্ৰায় ১৫০ গৰাকী হজ যাত্ৰী৷এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি হজযাত্ৰী সকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে৷

By

Published : Aug 20, 2019, 2:52 PM IST

চৌদি আৰবত আৱদ্ধ হজ যাত্ৰীক অসমলৈ অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে

কাছাৰ, 20 আগষ্টঃ হজযাত্ৰী সকল চৌদি আৰৱত আৱদ্ধ হোৱাৰ ঘটনা অসমৰ সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ হৈছে ৰাজ্য চৰকাৰ ৷ চৌদি আৰবত আৱদ্ধ হৈ থকা হজ যাত্ৰী সকলক অসমলৈ অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷ এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি হজযাত্ৰী সকলক ঘূৰাই অনাৰ ব্যাৱস্থা কৰা হৈছে বুলি জনাইছে ৰাজ্য বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে ৷

চৌদি আৰবত আৱদ্ধ হজ যাত্ৰীক অসমলৈ অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে

বিমান সেৱা বাতিলৰ ফলত আৰবৰ এখন হোটেলত ১৫ ঘন্টা ধৰি আবদ্ধ অসমৰ প্ৰায় ১৫০ গৰাকী হজ যাত্ৰী ৷ এয়াৰ ইণ্ডিয়াৰ গাফিলতিৰ ফলত হজ যাত্ৰীৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি ৷ কাছাৰ জিলাৰ ১৫০ জনীয়া হজ যাত্ৰীৰ এটা দল ঘৰলৈ ঘূৰি অহাৰ কাৰণে জিদ্দাৰ বিমানবন্দৰত পৰা 11.40 বজাত বিমান আছিল৷ কিন্তু বিমান সেৱা বাতিল হোৱাৰ ফলত এই ১৫০ জন হজ যাত্ৰীক বিমানবন্দৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ এখন হোটেলত ৰাখে এয়াৰইণ্ডিয়া কৰ্তৃপক্ষই ৷ কিন্তু আশ্চৰ্যকৰভাৱে হোটেলত হজ যাত্ৰীসকলৰ প্ৰায় ১৬ ঘন্টা পাৰ হোৱাৰ পিচতোকৰ্তৃপক্ষই কোনো খবৰ নোলোৱাৰ অভিযোগ যাত্ৰীসকলৰ৷ অৱশেষত হজ যাত্ৰী সকলক অসমলৈ অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷

ABOUT THE AUTHOR

...view details