কৰিমগঞ্জ, 3 এপ্ৰিলঃ দেশ জুৰি লক ডাউন চলি থকাৰ মাজতে কৰিমগঞ্জত সংঘটিত চাঞ্চল্যকৰ ঘটনা । অধিবক্তা পুত্ৰৰ বিৰুদ্ধে পিতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন । সম্পত্তিৰ লোভতেই জন্মদাতা পিতৃক হত্যা কৰে বুলি অভিযোগ উত্থাপন কৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভগ্নীয়ে । ভগ্নীৰ অভিযোগৰ ভিত্তিতে অধিবক্তা পুত্ৰ আবু তাহেৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ বাঘন পঞ্চায়তৰ কাঠলতলী এলেকাত সংঘটিত হৈছে এই ঘটনা । মৃত্যু হোৱা ব্যক্তি জনৰ নাম জহুৰ উদ্দিন ৷ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আছিল মৃত জহুৰ উদ্দিন । আনহাতে, হত্যাকাণ্ড অভিযোগ উত্থাপন হোৱা পুত্ৰৰ নাম আবু তাহেৰ ।