শিলচৰ, 12 এপ্ৰিলঃ কংগ্ৰেছ এৰি বিজেপিত যোগদান কাছাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক চিৰাজুল আলম লস্কৰৰ ৷ শুকুৰবাৰে শিলচৰৰ বিজেপি কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে চিৰাজুল আলম লস্কৰে ৷
কাছাৰত কংগ্ৰেছ এৰি বিজেপিলৈ গমন জিলা সাধাৰণ সম্পাদকৰ - কাছাৰ
মোডীৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিজেপিত যোগদান কৰা বুলি প্ৰকাশ কাছাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক চিৰাজুল আলম লস্কৰৰ
কংগ্ৰেছ এৰি বিজেপিলৈ গমন চিৰাজুল আলম লস্কৰৰ
আলমৰ বিজেপিত যোগদান কাৰ্যসূচীত উপস্থিত থাকে প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাস,জিলা বিজেপিৰ সভাপতি কৌশিক ৰায়কে ধৰি বিজেপিৰ বহুজন নেতা-সদস্য ৷ কংগ্ৰেছ দলত সংখ্যালঘুৰ কোনোধৰণৰ স্বাৰ্থ সফল নোহোৱাৰ বাবে বিজেপিত যোগদান কৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে চিৰাজুল আলমে ৷ আনহাতে মোডীৰ কামৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বুলিও প্ৰকাশ কৰে বিজেপিত নতুনকৈ যোগদান কৰা আলমে ৷