কাছাৰ 30 মাৰ্চ :কৰ'ণা ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ দেশত ল’ক ডাউন আৰম্ভ হোৱাৰ পিছতে কাছাৰ জিলাৰ বিভিন্ন চাহ বাগিচা আৰু বস্তি অঞ্চলত তীব্ৰ খাদ্য সামগ্ৰীৰ সংকটে দেখা দিছে । সাধাৰণ মানুহৰ লগতে শ্ৰমিক, কৰ্মচাৰী কৃষক সকলো লোক ল’ক ডাউনৰ ফলত গৃহবন্দী হৈ আছে।
ল’ক ডাউনৰ ফলত কাছাৰত খাদ্য সংকট - আলু, দালি, কণি, পিঁয়াজ এনে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি আৰম্ভ হৈছে। গ্ৰামাঞ্চলৰ বেপাৰী সকল চহৰৰ পৰা সামগ্ৰী সমূহ গাঁও লৈ আনিৱ নোৱাৰাত সাধাৰণ শ্ৰমিক জনসাধাৰণ খাদ্য সংকটত পৰিছে ৷
কাছাৰত সাধাৰণ মানুহৰ লগতে শ্ৰমিক, কৰ্মচাৰী কৃষক সকলো লোক ল’ক ডাউনৰ ফলত গৃহবন্দী হৈ আছে। গ্ৰামাঞ্চলত খাদ্য সংকটে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ নাটনি হৈছে আলু , দালি , পিয়াজ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ৷
![ল’ক ডাউনৰ ফলত কাছাৰত খাদ্য সংকট silcher-lock-down-problem-supply-food](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6593086-447-6593086-1585559363463.jpg)
ল’ক ডাউনৰ ফলত কাছাৰত খাদ্য সংকট
এইবাৰ কৰ'ণাৰ আতংক আৰু ল’ক ডাউনৰ ফলত চাহ বাগিছা বোৰত শ্ৰমিক নাই । ইপিনে ল’ক ডাউনৰ ফলত চাহ বাগিচা অঞ্চলত খাদ্য সামগ্ৰীৰ নাটনি হোৱা পৰিলক্ষিত হৈছে । তাৰ লগতে গ্ৰামাঞ্চলত খাদ্য সংকটে তীব্ৰ ৰূপ ধাৰণ কৰিছে । আলু, দালি, কণী, পিঁয়াজ এনে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি আৰম্ভ হৈছে । গ্ৰামাঞ্চলৰ ব্যৱসায়ীসকলে চহৰৰ পৰা সামগ্ৰী সমূহ গাঁও লৈ আনিব নোৱাৰাত সাধাৰণ শ্ৰমিক জনসাধাৰণ খাদ্য সংকটত পৰিছে ৷
লগতে পঢক :বিহাৰ চৰকাৰলৈ তেলেংগানা চৰকাৰৰ ব্যতিক্ৰমী অনুৰোধ
Last Updated : Mar 30, 2020, 2:45 PM IST