শিলচৰৰ ৰাজপথত মহিলাৰ অভিযান - নাগৰিক স্বাৰ্থ ৰক্ষা সংগ্ৰাম পৰিষদ
সমগ্ৰ দেশতে নতুন যান বাহন নীতিক লৈ চৰ্চা চলি থকাৰ সময়তে শিলচৰৰ ৰাজপথত মহিলাৰ পথ দুৰ্ঘটনা ৰোধৰ বাবে সজাগতা বৃদ্ধিৰ চেষ্টা ৷
শিলচৰ, 18 চেপ্তেম্বৰঃ শিলচৰৰ ৰাজপথত মহিলাৰ অভিযান ৷ লক্ষ্য যান বাহন আইনৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰা ৷ সমগ্ৰ দেশতে নতুন যান বাহন নীতিক লৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ সময়তে মঙলবাৰে শিলচৰত নাগৰিক স্বাৰ্থ ৰক্ষা সংগ্ৰাম পৰিষদ নামৰ সংগঠনটোৱে পথ দুৰ্ঘটনা ৰোধৰ বাবে সজাগতা বৃদ্ধিৰ চেষ্টা চলায় ৷ সংগঠনটোৰ মহিলা সকলে শিলচৰৰ বিভিন্ন পথৰ কাষত থিয় হৈ যান বাহন আইন মানি চলিবলৈ জনসাধাৰণক আহ্বান জনায় ৷ বিশেষকৈ মটৰ চাইকেল আৰোহী সকলক হেলমেট পিন্ধিবলৈ অনুৰোধ জনোৱাৰ লগতে গাড়ীৰ চালকক চিটবেল্ট লগাইহে গাড়ী চলাবলৈ অনুৰোধ জনায় ৷ এই কাৰ্যসূচীৰ জৰিয়তে মহিলাসকলে কয় যে,ট্ৰেফিক আইন উলংঘন কৰাৰ বাবেই বিভিন্ন সময়ত পথ দুৰ্ঘটনা সংঘটিত হৈ নিজৰ লগতে পৰিয়াল আৰু আন বহুতৰে জীৱনলৈ অন্ধকাৰ নমাই আনে ৷ গতিকে পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ হ'লে এই ক্ষেত্ৰত সজাগ হোৱাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে মহিলা সকলে ৷