অসম

assam

ETV Bharat / state

পূজা মণ্ডপত বিদেশী চৰাইৰ প্ৰদৰ্শন কৰি বিপদত উধাৰবন্দ কালীবাড়ি পূজা সমিতি - শিলচৰৰ উধাৰবন্দৰ কালীবাড়ি দুৰ্গামণ্ডপ

শিলচৰৰ উধাৰবন্দৰ কালীবাড়ি দুৰ্গামণ্ডপত বিদেশী চৰাইৰ প্ৰদৰ্শনক লৈ সৃষ্টি হৈছে বিতৰ্ক ৷ এইক্ষেত্ৰত পৰিৱেশ প্ৰেমী সকলেও নানান প্ৰশ্ন উত্থাপন কৰিছে লগতে বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপৰ দাবীজনাইছে

শিলচৰৰ পূজা মণ্ডপত বিদেশী চৰাইৰ প্ৰদৰ্শনক লৈ বিতৰ্ক

By

Published : Oct 4, 2019, 11:43 PM IST


শিলচৰ, 4 অক্টোবৰঃ বিগত বছৰসমূহৰ দৰে এইবেলিও শিলচৰৰ ওচৰৰ উধাৰবন্দৰ পূজাস্থলী উত্তৰ পূৰ্ৱাঞ্চলৰ মাজতে আকৰ্ষণীয় ৰূপত তৈয়াৰ কৰা হৈছে ৷ বিশাল অক্ষৰধাম মন্দিৰ, লণ্ডনৰ টেমচ নৈৰ উপৰত থকা আকৰ্ষণীয় দলংখন আৰু ততোধিক আকৰ্ষণীয় মূৰ্তিৰ লগতে দেশী বিদেশী চৰাই দৰ্শনাৰ্থীৰ বাবে মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ কিন্তু সম্প্ৰতি পূজামণ্ডপটোৰ ভিতৰত দৰ্শনাৰ্থীৰ বাবে সজাই ৰখা এই চৰাইসমূহক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷

এই চৰাইসমূহক লৈ পৰিৱেশ প্ৰেমী সকলেও নানান প্ৰশ্ন উত্থাপন কৰিছে ৷ অসম বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক পাৰ্থঙ্কৰ চৌধুৰীয়ে কয় যে, এইসমূহ গৃহপালিত চৰাই প্ৰদৰ্শন আৰু ৰখাৰ ক্ষেত্ৰত বহু আইনী বাধা আছে ৷ পূজামণ্ডপৰ অত্যাধিক পোহৰ আৰু উচ্চ শব্দ চৰাইসমূহৰ বাবে ক্ষতিকাৰক ৷ দিনৰ লগতে ৰাতিৰ ভাগতো দৰ্শনাৰ্থীৰ ভিৰ থকা হেতুকে চৰাইসমূহৰ বিশ্ৰামতো বাধাপ্ৰাপ্ত হৈছে ৷ এইবোৰ সমস্যা দাঙি ধৰি তেওঁ চৰাইবোৰ মুকলি কৰি দিয়াৰ কথা কৈছে ব্যক্ত কৰিছে । লগতে তেখেতে এইক্ষেত্ৰত বন বিভাগৰ হস্তক্ষেপৰ বাবে আহ্বান জনাইছে ৷

আনহাতে, কালীবাড়ি ৰোডৰ দুৰ্গা পূজা কমিটিৰ কৰ্মকৰ্তা শংকৰ ৰায়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জনায় যে, বনবিভাগৰ কৰ্মকৰ্তাসকলে সকলে আহি চাই গৈছে ৷ পূজা কমিটিয়ে বিভাগৰ অনুমতি সাপেক্ষেই এইবোৰ বিদেশী চৰাই পূজা দৰ্শনাৰ্থী সকলৰ প্ৰদৰ্শনৰ বাবে লৈ আহিছে ৷ এইক্ষেত্ৰত প্ৰশাসনৰ পদক্ষেপ হ’ব লক্ষণীয় ৷

ABOUT THE AUTHOR

...view details