শিলচৰ,18জুনঃ শিলচৰত ৰক্ষকেই এতিয়া ভক্ষকৰ ৰুপত ৷ আৰক্ষীৰ দ্বাৰস্থ হোৱা যুৱতীক মাৰধৰ কৰি প্ৰস্ৰাৱ খোৱাৰ চেষ্টা আৰক্ষী বিষয়াৰ ৷ স্বামীৰ নিৰ্যাতনৰ পিচত আইনী সহায়ৰ বাবে আৰক্ষীৰ কাষ চপা নিৰ্যাতিত মহিলাক স্বামীৰ লগত মিলি মাৰধৰ কৰা অভিযোগ আৰক্ষী বিষয়া জোচেফ এল জুটাবৰৰ বিৰুদ্ধে ৷ এই লজ্জাজনক ঘটনা সংঘটিত হৈছে শিলচৰ চহৰৰ তাৰাপুৰ আৰক্ষী চকীত ৷ নিৰ্যাতিত যুৱতীৰ অভিযোগ,এমাহৰ পূৰ্বে শিলচৰ ৰামনগৰৰ কমৰুল চদিয়ল নামৰ এজন যুৱকৰ লগত তেওঁৰ বিয়া হৈছিলে ৷ কিন্তু বিয়াৰ পিচতে যুৱকজনে তেওঁৰ পৰিয়ালৰ লগত মিলি যৌতুকৰ কাৰণে নিৰ্যাতন চলাই আহিছিল ৷ ইপিনে শুকুৰবাৰে স্বামী কমৰুলে মহিলাগৰাকীক আকৌ যৌতুকৰ দাবীত শাৰীৰিক নিৰ্যাতন চলায় ৷ এই ঘটনাৰ পিচত ১৪ তাৰিখে শিলচৰ তাৰাপুৰ আৰক্ষী চকীত উপস্থিত হৈ মহিলাগৰাকীয়ে স্বামী কমৰুলৰ ওপৰত গোচৰ তৰাৰ বাবে যাওতেই অভিযুক্ত স্বামীৰ লগত মিলি মাৰধৰ কৰে তাৰাপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৷
শিলচৰত আৰক্ষীৰ হাতত নিৰ্যাতিত মহিলা! - assam police
বিয়াৰ হোৱাৰ পিচতে স্বামী আৰু তেওঁৰ পৰিয়ালৰ লগত মিলি যৌতুকৰ কাৰণে নিৰ্যাতন চলাই আহিছিল পত্নীক ৷ এই সম্পৰ্কত স্বামী কমৰুলৰ ওপৰত এক গোচৰ তৰাৰ বাবে যাওতেই অভিযুক্ত স্বামীৰ লগত মিলি মাৰধৰ কৰে তাৰাপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৷
শিলচৰত স্বামী আৰু আৰক্ষীৰ হাতত নিৰ্যাতিত হ'ল এগৰাকী মহিলা
উল্লেখ্য যে এই সমস্ত ঘটনা লৈ নিৰ্যাতিত যুৱতীৰ পিতৃয়ে শিলচৰ সদৰ থানাত স্বামী কমৰুল চদিয়ল আৰু তাৰাপুৰ থানাৰ আৰক্ষীসকলৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ৷ লগতে কাছাৰৰ আৰক্ষী অধীক্ষকৰ ওচৰতো এখন লিখিত অভিযোগ দাখিল কৰিছে ৷