শিলচৰ, 19 চেপ্টেম্বৰ :বৃহস্পতিবাৰে কাছাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত আসাম বঙালী হিন্দু এচ'চিয়েছন সংক্ষেপে আভা আৰু বৰাক ছাত্ৰ সন্থাৰ সমৰ্থক সকলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বঙালী হিন্দু সকলৰ নাম বাতিল হোৱা ঘটনাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ৷
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ বৰাকৰ ছাত্ৰ সংগঠনৰ - আসাম বাঙালি হিন্দু এচচিয়েছন
নাগৰিক পঞ্জী আৰু অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণক লৈ চৰকাৰৰ ভূমিকাত অসন্তুষ্ট বৰাকৰ ছাত্ৰ সমাজ ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত তীব্ৰ প্ৰতিবাদ ৷
শিলচৰত ছাত্ৰ বিক্ষোভ
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক লৈ বৰাকৰ ছাত্ৰ সমাজ ক্ষোভত ফাটি পৰে ৷ প্ৰতিবাদকাৰী সকলে সকলো হিন্দুকে নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰা হ'ব বুলি দিয়া প্ৰতিশ্ৰুতিৰ স্পষ্টীকৰণ বিচাৰে চৰকাৰৰ পৰা ৷