শিলচৰ,10 জানুৱাৰীঃ শিলচৰত অৱস্থিত এখন বিদ্যালয়ত অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে অস্বস্তিত পৰিছে শিক্ষাৰ্থী সকল ৷ প্ৰাপ্য তথ্য মতে,চহৰখনৰ জানিগঞ্জ পাঠশালাৰ ছাত্ৰ-ছাত্ৰীসকলে এই পৰিৱেশৰ বাবে কৰিব পৰা নাই অধ্যয়ন ৷ উল্লেখ্য যে,শিলচৰ পৌৰসভাৰ অন্তৰ্গত এটা নলা বিদ্যালয়খনৰ সমীপেৰে পাৰ হৈ গৈছে ৷ নলাটোৰ পৰা ওলোৱা দুৰ্গন্ধৰ কাৰণে বিদ্যালয়ৰ চোতালত পাঠদান কৰিবলগা হৈছে শিক্ষাৰ্থীয়ে ৷ বাৰে বাৰে পৌৰসভাক আবেদন কৰিয়ো বিফল হৈছে বিদ্যালয় কৰ্তৃপক্ষ ৷
শিলচৰত অস্বাস্থ্যকৰ পৰিৱেশত শিক্ষা গ্ৰহণ শিক্ষাৰ্থীৰ
শিলচৰত জানিগঞ্জ পাঠশালাৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে অস্বস্তিত এতিয়া শিক্ষাৰ্থী ৷ শিলচৰ পৌৰসভাৰ অন্তৰ্গত এটা নলা বিদ্যালয়খনৰ সমীপেৰে পাৰ হৈ যোৱা ফলত পাঠদান গ্ৰহণত অসুবিধা ছাত্ৰ-ছাত্ৰীৰ ৷
কাণসাৰ নাই পৌৰসভাৰ
চৰকাৰৰ স্বচ্ছ ভাৰত আঁচনিয়ে এতিয়াও ঢুকি পোৱা নাই ৰাজ্যৰ একাংশ এলেকাক ৷ এইক্ষেত্ৰত শিলচৰ পৌৰসভা আৰু প্ৰশাসনে পৰৱৰ্তী সময়ত কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব ৷
Last Updated : Jan 11, 2020, 9:09 AM IST