অসম

assam

ETV Bharat / state

শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত পথ অৱৰোধ

উধাৰবন্দ সমষ্টিৰ ৰংপুৰৰ নৰসিংহ মন্দিৰত ইছলামধৰ্মী যুৱকে মন্দিৰত গোৰ মৰাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়, উত্তেজিত ৰাইজে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ

By

Published : Jun 14, 2019, 8:41 PM IST

শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত পথ অৱৰোধ

শিলচৰ,১৪জুন : এগৰাকী ইছলাম ধৰ্মী যুৱকে মন্দিৰত গোৰ মৰাক কেন্দ্ৰ কৰি শুকুৰবাৰে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় শিলচৰত ৷ উত্তেজিত ৰাইজে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত পথ অৱৰোধ

ঘটনা অনুসৰি,10জুনত এজন ইছলামধৰ্মী যুৱকে উধাৰবন্দ সমষ্টিৰ ৰংপুৰৰ নৰসিংহ মন্দিৰত ভৰিৰে গোৰ মাৰিছিল ৷ এই ঘটনাৰ বাবে স্থানীয় ৰাইজে শিলচৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল ৷ কিন্তু ঘটনাৰ পাচ দিন পাৰ হৈ যোৱাৰ পাছতো দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ নকৰাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ উত্তেজিত ৰাইজে দুষ্কৃতিকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় বিমানবন্দৰৰ পথ অৱৰোধ কৰে ৷ ইফালে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়াত স্থানীয় ৰাইজে পথ অৱৰোধ উঠাই লয় ৷

ABOUT THE AUTHOR

...view details