কাছাৰ, 25 এপ্ৰিলঃ মিজোৰামত বুধবাৰে গ্ৰেপ্তাৰ আঠগৰাকীকৈ ৰোহিংগীয়া যুৱতী ৷ মিজোৰামৰ ভাইৰেণ্টি চেকগেটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱতীকেইগৰাকীক ৷ প্ৰায় 18 বছৰৰ পৰা 22 বছৰীয়া যুৱতীকেইগৰাকীয়ে এখন টাটা ছুমোৰে শিলচৰৰ পৰা মিজোৰামলৈ ৰাওনা হৈছিল ৷
মিজোৰামত গ্ৰেপ্তাৰ ৰোহিংগীয়া যুৱতীৰ দল - ৰোহিংগীয়া
মিজোৰামৰ ভাইৰেণ্টি চেকগেটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱতীকেইগৰাকীক ৷ প্ৰায় 18 বছৰৰ পৰা 22 বছৰীয়া যুৱতীকেইগৰাকীয়ে এখন টাটা ছুমোৰে শিলচৰৰ পৰা মিজোৰামলৈ ৰাওনা হৈছিল ৷ এ এছ 11 বি চি 0951 নম্বৰৰ টাটা ছুমোৰ পৰা আৰক্ষীয়ে ৰোহিংগীয়া যুৱতীকেইগৰাকীক গ্ৰেপ্তাৰ কৰে ৷
মিজোৰামত গ্ৰেপ্তাৰ ৰোহিংগীয়া যুৱতী
এ এছ 11 বি চি 0951 নম্বৰৰ টাটা ছুমোৰ পৰা আৰক্ষীয়ে ৰোহিংগীয়া যুৱতীকেইগৰাকীক গ্ৰেপ্তাৰ কৰে ৷ কোনোধৰণৰ বৈধ অনুজ্ঞাপত্ৰ নথকাকৈ ভাৰতত প্ৰৱেশ কৰা যুৱতীকেইগৰাকীক বৰ্তমান আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে উত্তৰ-পূব ভাৰতত ম্যানমাৰৰ ৰোহিংগীয়া মুছলমান লোকক গ্ৰেপ্তাৰৰ ঘটনা এয়াই প্ৰথম নহয় ৷ পূৰ্বতেও ম্যানমাৰৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰা ৰোহিংগীয়া লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷