অসম

assam

ETV Bharat / state

শিলচৰত পথ দুৰ্ঘটনাক লৈ উত্তেজনা - শিলচৰত পথ দুৰ্ঘটনাক লৈ উত্তেজনা

কাছাৰ পথ দুৰ্ঘটনাৰ পাচতেই উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ সোমবাৰে কালীপূজাৰ বিসৰ্জন বাবে যোৱা ভক্তপ্ৰাণ ৰাইজক খুন্দিয়াই এখন ট্ৰাক ৷ তাৰপিচতে উত্তেজিত ৰাইজে জ্বলাই দিয়ে ট্ৰাকখন ৷

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম আৰক্ষী

By

Published : Oct 31, 2019, 10:59 AM IST

কাছাৰ, 31 অক্টোবৰঃ কাছাৰত পথ দুৰ্ঘটনাৰ পাচতেই উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ ঘটনাক কেন্দ্ৰ কৰি নিলম্বন কৰা হৈছে দুই ট্ৰেফিক আৰক্ষীক ৷ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সোনাইৰ বিধায়ক আমিনুল হক লস্কৰৰ ৷

শিলচৰৰ পথ দুৰ্ঘটনা

উল্লেখ্য যে,সোমবাৰে কাছাৰৰ শিলচৰত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ মিজোৰামৰ পৰা অসম অভিমুখী এখন তীব্ৰ বেগী ট্ৰাকে প্ৰথমে সোনাইত দুৰ্ঘটনা সংঘটিত কৰে ৷ তাৰ পাচতেই ট্ৰাকখনে শিলচৰৰ ৰাঙিৰখাড়িত প্ৰৱেশ কৰে ৷ ট্ৰাকখনে মেহেৰপুৰৰ বীৰবল বজাৰত কালীপূজাৰ বিসৰ্জনৰ বাবে যোৱা ভক্তপ্ৰাণ ৰাইজক খুন্দিয়াই ৷ এই দুৰ্ঘটনাত দুজন কিশোৰী নিহত হোৱাৰ বিপৰীতে 16 জন আহত হয় ৷ ইয়াৰ পাচতেই উত্তজিত ৰাইজে জ্বলাই দিয়ে ট্ৰাকখনক ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালকক ৷

লগত পঢ়ক-হোজাইত কেবালক্ষাধিক টকাৰ চেগুণ কাঠ জব্দ

ABOUT THE AUTHOR

...view details