অসম

assam

ETV Bharat / state

লক ডাউনঃ আজিকালি তেওঁলোকৰ কাষলৈ কোনোৱেই নাহে ! - কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জনপ্ৰতিনিধি সকলে

শিলচৰৰ নিষিদ্ধ গলিৰ লোকৰ বাবে এতিয়া যেন স্তব্ধ হৈ পৰিছে পেট প্ৰৱৰ্তনৰ একমাত্ৰ সমল ৷ খাদ্য সামগ্ৰীৰ অভাৱে দেখা দিছে তেওঁলোকৰ মাজত ৷ বৰ্মানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জনপ্ৰতিনিধি সকলেও ৷

নিষিদ্ধ ঘোষিত অঞ্চল
নিষিদ্ধ ঘোষিত অঞ্চল

By

Published : Apr 3, 2020, 9:04 PM IST

Updated : Apr 4, 2020, 10:11 AM IST

শিলচৰ, 3 এপ্ৰিলঃ লক ডাউনৰ প্ৰভাৱত এতিয়া চৌকাত জুই নজ্বলা হৈছে শিলচৰৰ এটা বিশেষ গলিত বাস কৰা লোকসকলৰ ঘৰত ৷ আজিকালি হেনো তেওঁলোকৰ কাষলৈ কোনোৱেই নাহে ৷ সেয়ে উপাৰ্জনৰ একমাত্ৰ পথটোও ৰুদ্ধ হৈ পৰাত আধাপেটে দিন কটাবলৈ বাধ্য হৈছে তেওঁলোক ৷

লক ডাউনঃ আজিকালি তেওঁলোকৰ কাষলৈ কোনোৱেই নাহে !

আমি ক'ব খুজিছো শিলচৰৰ নিষিদ্ধ গলিত বাস কৰা দেহোপজীৱিনীসকলৰ কথা ৷ দেশজুৰি অব্যাহত থকা লক ডাউনৰ প্ৰভাৱত দুৰ্বিষহ হৈ পৰিছে তেওঁলোকৰ জীৱন ৷ কাৰণ ঘৰৰ ভিতৰতে জীৱন আৱদ্ধ হৈ পৰাত বন্ধ হৈ পৰিছে তেওঁলোকৰ উপাৰ্জনৰ পথ ৷ এই গলিত বাস কৰা প্ৰায় 2 শতাধিক পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি ৷ কিছুদিন পূৰ্ৱে অসম আৰক্ষীৰ লোকে তেওঁলোকক কিছু পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰিছিল যদিও সেয়া ইতিমধ্য়ে শেষ হৈছে ৷ ফলত খাদ্য তথা অত্যাৱশ্য়কীয় সামগ্ৰীৰ অভাৱত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এইসকল দেহোপজীৱিনীৰ লগতে তেওঁলোকৰ পৰিয়াল ৷

লগতে পঢ়কঃক'ভিড-19 : বৰ্তমানলৈ ভাৰতৰ পৰিসংখ্যা !

Last Updated : Apr 4, 2020, 10:11 AM IST

ABOUT THE AUTHOR

...view details