অসম

assam

ETV Bharat / state

নৰেন্দ্ৰ মোডীৰ বিকল্প নাইঃ ৰাম মাধৱ

বিগত পাঁচ বছৰত দেশৰ সৰ্বসাধাৰণৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা কল্যাণকামী আঁচনিসমূহৰ সফলতাৰ ৰিপ'ৰ্ট কাৰ্ড লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷ বৰাক উপত্যকাৰ শিলচৰ আৰু কৰিমগঞ্জ আসন দুখন বিজেপিয়ে দখল কৰিব বুলিও আত্মবিশ্বাস ব্যক্ত কৰে ৰাম মাধৱে ৷

By

Published : Apr 16, 2019, 12:46 PM IST

নৰেন্দ্ৰ মোডীৰ বিকল্প নাইঃ ৰাম মাধৱ

শিলচৰ, 16 এপ্ৰিলঃ "নৰেন্দ্ৰ মোডীৰ বিকল্প দেশত নাই ৷ মোডীজীৰ বিকল্প মানেই অস্থিৰতা, মোডীজীৰ বিকল্প মানেই ভ্ৰষ্টাচাৰ ৷ নৰেন্দ্ৰ মোডীৰ দৰে মহান ব্যক্তিত্বক দেশবাসীয়ে প্ৰধানমন্ত্ৰী হিচাপে পুনৰবাৰ অধিষ্ঠিত কৰিবলৈ সাজু হৈছে ৷" এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ ৷ শিলচৰত এক সংবাদমেল সম্বোধন কৰি ৰাম মাধৱে কয় যে নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱালৰ দিনতেই শিলচৰ তথা বৰাক উপত্যকাৰ যথেষ্ট উন্নতি ঘটিছে ৷

নৰেন্দ্ৰ মোডীৰ বিকল্প নাইঃ ৰাম মাধৱ

বিগত পাঁচ বছৰত দেশৰ সৰ্বসাধাৰণৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা কল্যাণকামী আঁচনিসমূহৰ সফলতাৰ ৰিপ'ৰ্ট কাৰ্ড লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷ বৰাক উপত্যকাৰ শিলচৰ আৰু কৰিমগঞ্জ আসন দুখন বিজেপিয়ে দখল কৰিব বুলিও আত্মবিশ্বাস ব্যক্ত কৰে ৰাম মাধৱে ৷

ABOUT THE AUTHOR

...view details